ৰাজ্যৰ মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই গুৱাহাটীৰ আজাৰাৰ কেওটপাৰাস্থিত শ্ৰীশ্ৰী মা মনসা দেৱীৰ মন্দিৰত অনুষ্ঠিত মনসা পূজাত উপস্থিত হৈ দেৱীৰ শ্ৰীচৰণত ৰাজ্যবাসীৰ কুশল-মংগল আৰু কল্যাণ্যার্থে পূজা আগবঢ়ায়। এই উপলক্ষে মন্দিৰৰ সভাগৃহত অনুষ্ঠিত এখন সভাত অংশগ্রহণ কৰি মুখ্যমন্ত্রী ড° শৰ্মাই কয় যে ৰাজ্যখনৰ উন্নয়ন আৰু অসমবাসী তথা স্থানীয় ৰাইজৰ কল্যাণৰ বাবে তেওঁ মা মনসাৰ শ্ৰীচৰণত সেৱা জনাইছে। ৰাজ্য চৰকাৰে পূৰ্বতে মন্দিৰৰ আন্তঃগাঁথনি উন্নয়নৰ বাবে আগবঢ়োৱা সাহায্যৰ কথা উল্লেখ কৰি তেওঁ মন্দিৰ সমিতিক এই পুঁজি সময়সাপেক্ষভাবে সম্পূৰ্ণ ব্যয় কৰাৰ বাবে আহ্বান জনায়। তেওঁ লগতে কয় যে বিগত বৰ্ষত প্ৰদান কৰা অনুদান সমুদায় ব্যয় কৰাৰ পিছত মন্দিৰৰ আন্তঃগাঁথনি উন্নয়নৰ বাবে ৰাজ্য চৰকাৰে পুনৰ প্ৰয়োজনীয় সহায় আগবঢ়াব। তেওঁ লগতে কয় যে অঞ্চলটোৰ বাট-পথৰ উন্নয়নৰ কাম অব্যাহত থাকিব আৰু সমীপৱৰ্তী দীপৰ বিলৰ সৈতে জড়িত সমস্যাৰো সমাধান কৰা হ’ব বুলি মুখ্যমন্ত্ৰী ড০ শৰ্মাই ভাষণ প্ৰসংগত কয়। অনুষ্ঠানৰ পূর্বে শ্রীশ্রী মা মনসা দেবী পূজা সমিতি আৰু স্থানীয় দল-সংগঠনে মুখ্যমন্ত্রীক সম্বর্ধনা জনায়।
আনহাতে ১৯৭৩ চনতে স্থাপিত মন্দিৰটোৰ উন্নয়নৰ বাবে বিগত বৰ্ষত ৫০ লাখ টকাৰ অনুদান আগবঢ়োৱাৰ বাবে পূজা সমিতি সভাপতি প্ৰদীপ কুমাৰ দাস, উপ-সভাপতিদ্বয় পৱিত্ৰ কুমাৰ দাস আৰু গোলক দাস (২), সাধাৰণ সম্পাদক ৰত্নেশ্বৰ দাসসহ সমূহ বিষয়ববীয়াই মুখ্যমন্ত্ৰীক ধন্যবাদ জ্ঞাপন কৰাৰ লগতে আধৰুৱা হৈ থকা কামৰ বাবে চলিত বৰ্ষতো আর্থিক সাহায্য আগবঢ়াবলৈ অনুৰোধ জনায়। সভাৰ পিছতে মুখ্যমন্ত্ৰীয়ে মা মনসা মন্দিৰ চৌহদ পৰিদৰ্শন কৰে। আনহাতে সংবাদ মাধ্যমৰ সৈতে হোৱা সাক্ষাৎকাৰত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কয় যে–আজি মা মনসা পূজা কৰা হয়। যোৱা বাৰ পূজাটো আহিছিলো, এইবাৰো অহা সৌভাগ্য হ’ল। লগতে অসমবাসী ৰাইজৰ মঙ্গল কামনা কৰিলোঁ। লগতে পাইকানত দখল হৈ থকা ভূমি উচ্ছেদ হৈ গল। এতিয়া আমি গছ ৰোৱা কাৰ্যসূচী আৰম্ভ কৰিম। কোনোবাই যদি আৰক্ষীক আক্ৰমণ কৰে তেওঁলোকৰ ওপৰত গোচৰ হ’ব, ব্যৱস্থা হ’ব। বৰ্তমান আমাৰ পাইকানত লক্ষ্য হৈছে বৃক্ষৰোপণ কৰি মাটিখিনি বনাঞ্চললৈ ৰূপান্তৰ কৰা।
আনহাতে অসমলৈ ৰাহুল গান্ধী অহাৰ পিছত দলটো শক্তিশালী হব নেকি সাংবাদিককে সোধাত প্ৰশ্ন উত্তৰত তেওঁ কয় যে–হ’ব নোৱাৰে আৰু কোনোবাই যদি ভাৱে আজি কালি ভিতৰত ঠিক হৈ যাব। লগতে মই চাকৰি দিছো নে নাই তাক অসমৰ মানুহে জানে। জেলত মোক পঠোৱাৰ আগতে যে ৰাহুল গান্ধীয়ে নিজে জেলত নাযাব কি গেৰান্তী আছে। সেই কাৰণে এখন ৰাজ্যত আহি কাক জেলত পঠাম কাক জেলত নপঠাম এই বিলাক কোৱাতো ৰাষ্ট্ৰীয় নেতা এজনৰ কাৰণে শোভা নাপায়। ইয়াৰ পৰাই বুজি পাই যে–মই কিমান ইম্পৰটৈণ্ট। আমি অসমৰ মানুহৰ কাৰণে কাম কৰি আছো। ৰাইজে জানে যে আমি কিমান কাম কৰিছো। গতিকে কোনোবাই কিবা এটা ভাষণ এটা দিলেই সমস্যাবোৰ বা মৰম বিলাকৰ শেষ হৈ নাযায়। গতিকে এইবোৰ কথা চিন্তা কৰি কোনো লাভ নাই বুলি মুখ্যমন্ত্ৰী ড০ শৰ্মাই কয়।
