বাংলাদেশৰ বিৰুদ্ধে খেলা দুখন টেষ্ট মেচ শৃংখলা ১-০ ত দখল কৰে শ্ৰীলংকাই। কলম্বোত অনুষ্ঠিত দ্বিতীয়খন টেষ্টত শ্ৰীলংকাই বাংলাদেশক এটা ইনিংছ আৰু ৭৮ ৰানত পৰাস্ত কৰে। বাংলাদেশে প্ৰথম ইনিংছত ২৪৭ ৰান সংগ্ৰহ কৰিছিল। শ্ৰীলংকাই প্ৰথম ইনিংছত ৪৫৮ ৰান সংগ্ৰহ কৰি প্ৰথম ইনিংছত ২১১ ৰান সংগ্ৰহ কৰি অগ্ৰগতি লাভ কৰে।বাংলাদেশৰ দ্বিতীয় ইনিংছত ১৩৩ ৰানত অলআউট হয়। উল্লেখ্য যে শ্ৰীলংকাৰ বেটিঙত পাথুম নিছাংকাই ১৫৮ ৰানৰ সুন্দৰ ইনিংছ খেলি প্ৰথম ইনিংছত দলটোক শক্তিশালী স্থানত ৰাখিছিল।
তেওঁৰ লগতে দীনেশ চাণ্ডিমল আৰু কুছাল মেণ্ডিছেও গুৰুত্বপূৰ্ণ অৱদান আগবঢ়াই শ্ৰীলংকাই ২১১ ৰানত অগ্ৰগতি লাভ কৰাত সহায় কৰে। বাংলাদেশৰ দ্বিতীয় ইনিংছত শ্ৰীলংকাৰ স্পিনাৰে আধিপত্য বিস্তাৰ কৰে। প্ৰভাত জয়সূৰিয়াই ৫টা উইকেট দখল কৰি বাংলাদেশৰ বেটিং ধ্বংস কৰে। চতুৰ্থ দিনা শ্ৰীলংকাই মাত্ৰ ৩৩টা বল লৈ অন্তিম চাৰিটা উইকেট দখল কৰি বৃহৎ জয় লাভ কৰে। প্ৰথম টেষ্টত বাংলাদেশে ভাল বেটিং কৰিছিল যদিও এইবাৰ তেওঁলোকে নিজৰ ফৰ্মৰ ধাৰা বজাই ৰাখিব নোৱাৰিলে। প্ৰথমে বেটিং কৰি ২৪৭ ৰানত অল আউট হৈছিল।
এই জয়ে শ্ৰীলংকাৰ বাবে আত্মবিশ্বাস বৃদ্ধি কৰাৰ বিপৰীতে বাংলাদেশে নিজৰ কৌশলৰ ওপৰত পুনৰ চিন্তা কৰিব লাগিব। গালেত শ্ৰীলংকা আৰু বাংলাদেশৰ মাজত খেলা প্ৰথমখন টেষ্ট আছিল ড্ৰ’। শ্ৰীলংকা আৰু বাংলাদেশৰ মাজত খেলা এই টেষ্ট শৃংখলাটো আইচিচি বিশ্ব টেষ্ট চেম্পিয়নশ্বিপ ২০২৫-২৭ৰ অংশ। এই জয়ৰ জৰিয়তে শ্ৰীলংকাই পইণ্ট তালিকাৰ তৃতীয় স্থান দখল কৰিছে। আইচিচি বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ পইণ্ট তালিকাত অষ্ট্ৰেলিয়া প্ৰথম আৰু ইংলেণ্ড দ্বিতীয় স্থানত আছে।
