SRHৰ বিৰুদ্ধে CSKৰ জয়লাভ

90

ডিজিটেল ডেস্কঃ ৮ খন খেলৰ ৩খনত জয়লাভ। পইণ্ট তালিকাৰ ষষ্ঠ স্থান বাহাল ৰাখিছে ধোনীৰ চেন্নাই চুপাৰ কিংগছে। ড্ৰীম১১ আইপিএলত পূৰ্বৰ দৰেই প্ৰদৰ্শন কৰিবলৈ সক্ষম নহ’লেও মঙলবাৰে ডুবাই ইন্টাৰনেশ্যনেল ষ্টেডিয়ামত অনুষ্ঠিত ২৯ সংখ্যক আইপিএল খেলখনত ছানৰাইজাৰ্ছ হায়দৰাবাদক পৰাস্ত কৰি মনোবল ঘূৰাই পাবলৈ সক্ষম হৈছে চেন্নাই চুপাৰ কিংগছে।

কালিৰ খেলখনত টছত জিকি প্ৰথমে বেটিং কৰাৰ সিদ্ধান্ত লৈছিল এমএছ ধোনীয়ে। ধোনীৰ ধুৰন্ধৰৰ কোনোজনেই অৰ্ধশতক অৰ্জন কৰিব নোৱাৰিলেও প্ৰতিজন খেলুৱৈয়ে দেখুওৱা সুন্দৰ প্ৰদৰ্শনেৰে দলে হায়দৰাবাদৰ সন্মুখত ১৬৮ ৰানৰ লক্ষ্য বান্ধি দিবলৈ সক্ষম হয়। চাম কৰণৰ ৩১ ৰান, শ্বেন ৱাটছনৰ ৪২ ৰান আৰু অম্বতি ৰায়ুডুৰ ৪১ ৰানৰ ইনিংছটোৱে চুপাৰ কিংগছক দিয়ে এক অপ্ৰতিৰোধ্য স্থিতি। শেষ সময়ত ৰবীন্দ্ৰ জাডেজায়ো মাত্ৰ ১০ বলত ২৫ ৰানৰ ইনিংছ খেলি দেখুৱাই দিয়ে নিজৰ বেটিং সক্ষমতা।

এই লক্ষ্যৰ পিছা কৰি ছানৰাইজাৰ্ছে প্ৰথমে মসৃন গতিত আগবাঢ়িলেও পৰৱৰ্তী সময়ত চুপাৰ কিংগছৰ বলাৰৰ সন্মুখত ক্ৰিজত টিকি থকাটো কষ্টসাধ্য হৈ পৰে। যাৰ বাবে এটাৰ পিছত এটাকৈ হোৱা উইকেট পতনে দলটোক পৰাজয়ৰ দিশলৈ আগুৱাই লৈ যায়। কেন উইলিয়ামছনে ৫৭ ৰানৰ দৰ্শনীয় ইনিংছ খেলিলেও দলৰ বাকী খেলুৱৈসকল ব্যৰ্থ হয়। পৰিণতিত নিৰ্দিষ্ট অভাৰত ৮ উইকেট হেৰুৱায় মাত্ৰ ১৪৭ ৰানতে ইনিংছ সামৰিবলগা হয় ডেভিড ৱাৰ্ণাৰৰ ছানৰাইজাৰ্ছ হায়দৰাবাদে।