উৰিয়ামঘাটৰ ৰেংমা সীমান্তৰ উচ্ছেদক লৈ সৰৱ শৃংখল চলিহা । উৰিয়ামঘাট সীমান্তৰ পৰাই বেদখলকাৰীলৈ হুংকাৰ চলিহাৰ ।মেৰাপানীৰ নেঘেৰিবিলৰ উচ্ছেদস্থলী পৰিদৰ্শন কৰাৰ পিছতে সৰুপথাৰ সম জিলাৰ উৰিয়ামঘাট সীমান্তত উপস্থিত হয় বীৰ লাচিত সেনাৰ প্ৰশাসনিক সচিব শৃংখল চলিহা । উপস্থিত হৈ প্ৰশাসনক সাত দিনৰ সময়সীমা বান্ধি দিলে শৃংখল চলিহাই । সাত দিনৰ ভিতৰত নেঘেৰিবিল আৰু উৰিয়ামঘাট উচ্ছেদ হ’ব লাগিব ।সাত দিনৰ ভিতৰত প্ৰশাসনে উচ্ছেদ নকৰিলে বীৰ লাচিত সেনাই উচ্ছেদ কৰি অবৈধ লোকৰ ঘৰ জ্বলাই দিয়া হ’ব বুলি হুংকাৰ শৃংখল চলিহাৰ । ইয়াৰ লগে লগে উৰিয়ামঘাট অঞ্চলৰ পৰা ‘হাঠী মেৰা সাথী’ নামৰ যিখন বাছ ধিং, মৈৰাবাৰীলৈ চলাচল কৰি উৰিয়ামঘাটত অবৈধ লোকে বেদখল কৰি থিতাপি লৈছেহি উক্ত বাছখন প্ৰশাসনে বন্ধ কৰিব লাগিব বুলিও দাবী কৰে শৃংখল চলিহাই ।শৃংখল চলিহাই উৰিয়ামঘাটৰ পৰাই কয়,”উজনি অসমত ইনাৰ লাইন পাৰমিট দিয়ক । কলিয়াবৰৰ পৰা উজনিলৈ অতি শীঘ্ৰেই ইনাৰ লাইন পাৰমিটৰ ব্যৱস্থা কৰক । কিয়নো আমি খবৰ পাইছোঁ নামনিত উচ্ছেদ হোৱা বেদখলকাৰীসকল ট্ৰেইনযোগে আহি উৰিয়ামঘাটত সোমাইছে ।”
