ক’ত কিমান গতিবেগত চলাব পাৰিব বাহন, চৰকাৰে গ্ৰহণ কৰিলে সিদ্ধান্ত

161

বৃহস্পতিবাৰে অনুষ্ঠিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত অনুষ্ঠিত কেবিনেট বৈঠকত ৰাজপথত গাড়ীৰ গতিবেগ নিয়ন্ত্ৰণৰ ওপৰত চৰকাৰে গ্ৰহণ কৰে বিশেষ সিদ্ধান্ত। বৈঠকৰ অন্তত মন্ত্ৰী কেশৱ মহন্তই সংবাদমেল সম্বোধন কৰি সবিশেষ জনায়।

কেবিনেটৰ সিদ্ধান্ত অনুসৰিঃ

চাৰিলেনযুক্ত পথত প্ৰতিঘণ্টাত ১০০কিমিটাৰ গতিবেগ সৰ্বোচ্চ।

ৰাজ্যিক গড়কপ্তানী পথত সৰ্বোচ্চ গতিবেগ প্ৰতিঘণ্টাত ৭০কিমি।

পৌৰসভা এলেকা পথত ৬০কিমি ঘন্টাত

ইফালে ১৫দিনৰ ভিতৰত কেবিনেটৰ এই সিদ্ধান্তৰ ওপৰত মতামত দিব পাৰিব ৰাইজে। ইয়াৰ উপৰিও আজিৰ কেবিনেটে প্লাষ্টিক তৈয়াৰ কৰা সৰু সৰু উদ্যোগসমূহৰ বিকল্প ব্যৱস্থা গ্ৰহণৰ ওপৰতো বিশেষ প্ৰস্তাৱ ৰাখে। চাৰিটা বিভাগ ক্ৰমে, উদ্যোগ, ৰাজহকে ধৰি চাৰিটা বিভাগক দায়িত্ব দিয়া হৈছে চোৱা চিতাৰ বাবে।