২০২৬ চনৰ অসম বিধানসভা নিৰ্বাচনৰ ভোটাৰ তালিকাৰ বাবে বিশেষ পুনৰীক্ষণ প্ৰক্ৰিয়া আৰম্ভ হৈছে। যোৱা শনিবাৰৰ পৰা ৰাজ্যজুৰি মুঠ ২৯,৬৫৬জন বুথ পৰ্যায়ৰ বিষয়াই (বিএলঅ’) ঘৰে ঘৰে পৰীক্ষণ অভিযান চলাইছে। তেওঁলোকৰ সকলোৱে প্ৰায় ২৫,২০২,৭৭৫ জন বৈধ ভোটাৰৰ বাবে প্ৰ-পত্ৰ পূৰণ কৰিব। ৰাষ্ট্ৰীয় আৰু ৰাজ্যিক পৰ্যায়ৰ ৰাজনৈতিক দলসমূহেও সহায়ৰ বাবে ৬১,৫৩৩জন বুথ লেভেল এজেণ্ট (বিএলএ) নিযুক্তি দিছে। অসমৰ মুখ্য নিৰ্বাচনী বিষয়াই বিএলএৰ পূৰ্ণ সহযোগিতা বিচাৰিছে।
তদুপৰি তেওঁ কয় যে এই পৰীক্ষণ সঠিক আৰু ভুলমুক্ত ভোটাৰ তালিকা নিশ্চিত কৰাৰ বাবে অতি গুৰুত্বপূৰ্ণ। বিশেষকৈ দাবী-আপত্তিৰ সময়ছোৱাত জনসাধাৰণক সক্ৰিয় অংশগ্ৰহণৰ বাবে বিভাগটোৱে আহ্বান জনাইছে। গুৰুত্বপূৰ্ণ তাৰিখসমূহৰ ভিতৰত আছে ২৭ ডিচেম্বৰত সম্পূৰ্ণ খচৰা ভোটাৰ তালিকা প্ৰকাশ, ২০২৬ চনৰ ২৭ ডিচেম্বৰৰ পৰা ২২ জানুৱাৰীলৈ দাবী আৰু আপত্তি দাখিলৰ সময়সীমা, ২ ফেব্ৰুৱাৰীত দাবী আৰু আপত্তি নিষ্পত্তি, আৰু ১০ ফেব্ৰুৱাৰীত চূড়ান্ত ভোটাৰ তালিকা প্ৰকাশ । দেওবাৰে নিৰ্বাচনী বিষয়াই কয় যে স্বচ্ছতা নিশ্চিত কৰাৰ বাবে আবেদন ব্যৱস্থাও স্থাপন কৰা হৈছে।
ই আৰ অ’ৰ যিকোনো সিদ্ধান্তৰ সৈতে মতানৈক্য থকা নাগৰিকে জিলা দণ্ডাধীশৰ সন্মুখত আপীল দাখিল কৰিব পাৰে আৰু প্ৰয়োজন হ’লে দ্বিতীয়বাৰৰ বাবে মুখ্য নিৰ্বাচনী বিষয়া, অসমৰ সন্মুখত আবেদন কৰিব পাৰে। বিভাগে সকলো যোগ্য নাগৰিকক বিএলঅ’সমূহৰ সৈতে সহযোগিতা কৰিবলৈ, ঘৰে ঘৰে পৰীক্ষণৰ সময়ত সঠিক বিৱৰণ দিবলৈ, আৰু নিৰ্দিষ্ট সময়ৰ ভিতৰত নিজৰ দাবী/আপত্তি দাখিল কৰিবলৈ আবেদন জনাইছে যাতে ভুলমুক্ত নিৰ্বাচনী তালিকা প্ৰস্তুত কৰাটো নিশ্চিত কৰিব পৰা যায়।
