আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰ (ISS)ত এক ঐতিহাসিক অভিযানত নামিছে ভাৰতীয় বায়ুসেনা গোটৰ কেপ্তেইন শুভাংশু শুক্লা। তেওঁ ভাৰতৰ দ্বিতীয়জন মহাকাশচাৰী আৰু মহাকাশত খেতি কৰাকে ধৰি বহু বৈজ্ঞানিক পৰীক্ষা-নিৰীক্ষা কৰি আছে। তেওঁ মুগু আৰু মেথিৰ গুটি খেতি কৰিছে, যিবোৰ পৃথিৱীত অধ্যয়ন কৰা হ’ব। ১০ জুলাইৰ পিছত যিকোনো সময়তে তেওঁৰ উভতি অহা হ’ব পাৰে।ভাৰতীয় মহাকাশচাৰী শুভাংশু শুক্লাই বুধবাৰে এক্সিয়াম স্পেচৰ মুখ্য বিজ্ঞানী লুচি ল’ৰ সৈতে বাৰ্তালাপ কৰে। এই বাৰ্তালাপত শুভাংশুৱে কয়, ‘ইছৰোৱে সমগ্ৰ দেশৰ জাতীয় প্ৰতিষ্ঠানসমূহৰ সৈতে সহযোগিতা কৰি কিছু ডাঙৰ গৱেষণা কৰিবলৈ সক্ষম হোৱাত মই অতি গৌৰৱান্বিত। সকলো বিজ্ঞানী আৰু গৱেষকৰ বাবে ষ্টেচনত এই কাম কৰি আছো। ই ৰোমাঞ্চকৰ আৰু আনন্দৰ বিষয়।’
