নৱেম্বৰত টেষ্টৰ বাবে গুৱাহাটীলৈ আহিব দক্ষিণ আফ্ৰিকা

116

ভাৰতে চলিত বৰ্ষৰ অক্টোবৰত দুখন খেলৰ টেষ্ট শৃংখলাৰ বাবে ১২ বছৰৰ বিৰতিৰ পিছত ৱেষ্ট ইণ্ডিজৰ সৈতে মুখামুখি হ’ব, আনহাতে দক্ষিণ আফ্ৰিকাৰ দলটো নৱেম্বৰত আটাইকেইটা ফৰ্মেটৰ বাবে ভাৰত ভ্ৰমণলৈ আহিব। বিচিচিআইৰ উপাধ্যক্ষ ৰাজীৱ শুক্লাই কয় যে ভাৰতে ২ অক্টোবৰৰ পৰা মোহালিত অনুষ্ঠিত হ’বলগীয়া প্ৰথমখন টেষ্টত ৱিণ্ডিজৰ সৈতে যুঁজিব, আনহাতে দ্বিতীয় খন টেষ্ট ১০ অক্টোবৰত কলকাতাৰ ইডেন গাৰ্ডেনত অনুষ্ঠিত হ’ব। ৱেষ্ট ইণ্ডিজৰ ভাৰত ভ্ৰমণৰ অন্তিমখন টেষ্ট ২০১৩-১৪ বৰ্ষত হৈছিল, যিখন শচীন তেণ্ডুলকাৰৰ অন্তিমখন আন্তঃৰাষ্ট্ৰীয় মেচ আছিল।

২০২২ চনত কেৰিবিয়ান দলে ভাৰতলৈ অন্তিম ভ্ৰমণ কৰিছিল, য’ত তেওঁলোকে তিনিখন এদিনীয়া আৰু সমসংখ্যক টি-২০ আন্তৰ্জাতিক মেচ খেলিছিল। ৱেষ্ট ইণ্ডিজ শৃংখলাৰ পিছত ভাৰত ভ্ৰমণলৈ আহিব দক্ষিণ আফ্ৰিকা। নৱেম্বৰত দুখন টেষ্ট, তিনিখন এদিনীয়া আৰু পাঁচখন খেলৰ টি-২০ ৰ শৃংখলাৰ বাবে ভাৰত ভ্ৰমণ কৰিব। টি-২০ শৃংখলাটোৱে দুয়োটা দলক অহা বছৰ ভাৰতত অনুষ্ঠিত হ’বলগীয়া টি-২০ বিশ্বকাপৰ বাবে প্ৰস্তুতি ৰখাৰ সুযোগ দিব। প্ৰথমখন টেষ্ট দিল্লীত অনুষ্ঠিত হ’ব আৰু দ্বিতীয়খন টেষ্ট গুৱাহাটীত অনুষ্ঠিত হ’ব। গুৱাহাটীত এইখন প্ৰথম টেষ্ট হ’ব, য’ত প্ৰায়ে বগা বলৰ মেচ অনুষ্ঠিত হয়। গুৱাহাটীয়ে যোৱা দুটা ছিজনত আই পি এল খেলো আয়োজন কৰিছে।

টেষ্ট মেচৰ পিছত, প্ৰথমখন এদিনীয়া খেল ৩০ নৱেম্বৰত ৰাঁচীত অনুষ্ঠিত হ’ব, আনহাতে ৰায়পুৰে ৩ ডিচেম্বৰত দ্বিতীয়খন এদিনীয়া খেল আয়োজন কৰিব। অন্তিম খন এদিনীয়া খেল ৬ ডিচেম্বৰত বিশাখাপত্তনমত অনুষ্ঠিত হ’ব। প্ৰথমখন টি-২০ মেচ ৯ ডিচেম্বৰত অনুষ্ঠিত হ’ব, তাৰ পিছত ১১, ১৪, ১৭ আৰু ১৯ ডিচেম্বৰত খেল অনুষ্ঠিত হ’ব। ভাৰতে এই বছৰৰ ছেপ্টেম্বৰত আইচিচি মহিলা এদিনীয়া আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট বিশ্বকাপ আয়োজন কৰিব। তাৰিখবোৰ এতিয়াও নিৰ্ধাৰণ কৰা হোৱা নাই।