ভাৰতীয় দলৰ প্ৰাক্তন অধিনায়ক তথা বি চি চি আইৰ প্ৰাক্তন সভাপতি সৌৰভ গাংগুলীয়ে পুনৰবাৰ ক্ৰিকেট এছ’চিয়েশ্যন অৱ বেংগলৰ সভাপতি হ’ব পাৰে। তেওঁ কেবৰ সভাপতি পদৰ বাবে মনোনয়ন দাখিল কৰিছে। তেওঁৰ বিৰুদ্ধে আন কোনো প্ৰাৰ্থীয়ে মনোনয়ন দাখিল কৰা নাই। এনে পৰিস্থিতিত ২২ ছেপ্টেম্বৰত অনুষ্ঠিত হ’বলগীয়া নিৰ্বাচনত তেওঁ নিজৰ জ্যেষ্ঠ ভাতৃ স্নেহাশিশ গাংগুলীৰ ঠাইত সভাপতি হ’ব বুলি আশা কৰা হৈছে। দেওবাৰে এক বিবৃতিত গাংগুলীয়ে কয়, সকলোকে সহায়ৰ বাবে ধন্যবাদ জনাইছো। ক্ৰিকেট এছ’চিয়েশ্যন অৱ বেংগলত কোনো বিৰোধিতা নাই। সকলোৱে এই সংঘৰ অংশ। আমি একেলগে ক্ৰিকেট এছ’চিয়েশ্যন অৱ বেংগল আৰু বংগ ক্ৰিকেটক আগুৱাই লৈ যাম। আগন্তুক ছিজনত ইডেন গাৰ্ডেনছত দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে টেষ্ট মেচ, পুৰুষৰ টি-২০ বিশ্বকাপ আৰু বেংগল প্ৰ’ টি-২০ লীগৰ আয়োজন কৰিব লাগিব। মই ইয়াক সফলতাৰে আয়োজন কৰিবলৈ যৎপৰোনাস্তি চেষ্টা কৰিম।ইয়াৰ পূৰ্বেও গাংগুলীয়ে ২০১৫ চনৰ পৰা ২০১৯ চনলৈকে ক্ৰিকেট এছ’চিয়েশ্যন অৱ বেংগলৰ সভাপতি আছিল।
ইয়াৰ পিছত তেওঁ ২০১৯ চনৰ পৰা ২০২২ চনলৈকে বিচিচিআইৰ সভাপতি আছিল।তেতিয়াৰ পৰা তেওঁ টি-২০ ফ্ৰেঞ্চাইজি চাৰ্কিটৰ বহু দলৰ সৈতে জড়িত হৈ আছে। ২০২১ চনত আই চি চিৰ পুৰুষ ক্ৰিকেট কমিটীৰ অধ্যক্ষ হিচাপে অনিল কুম্বলেৰ ঠাইত এই পদত নিযুক্তি লাভ কৰে। প্ৰশিক্ষক বাছনি কৰা কমিটীৰ অংশও আছিল গাংগুলী। ২০১৭ চনত ৰবি শাস্ত্ৰীক মুখ্য প্ৰশিক্ষক হিচাপে নিৰ্বাচিত কৰা ক্ৰিকেট উপদেষ্টা সমিতিৰ সদস্য আছিল গাংগুলী, য’ত শচীন তেণ্ডুলকাৰ আৰু ভিভিএছ লক্ষ্মণো আছিল। শেহতীয়াকৈ গাংগুলীয়ে এছ এ ২০ৰ চতুৰ্থ ছিজনৰ বাবে প্ৰিট’ৰিয়া কেপিটেলছৰ মুখ্য প্ৰশিক্ষক হিচাপে পৰিগণিত হৈছে। যোৱা সপ্তাহত এছ এ ২০ নিলামতো তেওঁ উপস্থিত আছিল। টি-২০ ফ্ৰেঞ্চাইজি দলৰ মুখ্য প্ৰশিক্ষক হিচাপে তেওঁৰ এইটোৱেই প্ৰথম কাৰ্যকাল।
অৱশ্যে আই পি এলত দিল্লী কেপিটেলছ (ডি চি)ৰ গুৰুও হৈ আহিছে।১৯৯২ চনত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়াত অভিষেক ঘটোৱা গাংগুলীয়ে ১৯৯৬ চনত ইংলেণ্ডৰ লৰ্ডছ খেলপথাৰত টেষ্টত অভিষেক ঘটায় আৰু ১৩১ ৰানৰ ইনিংছ খেলে। আন্তঃৰাষ্ট্ৰীয় কেৰিয়াৰত গাংগুলীয়ে ১১৩খন টেষ্টত ৭,২১২ ৰান আৰু ৩১১খন এদিনীয়াত ১১,৩৬৩ ৰান সংগ্ৰহ কৰে। টেষ্টত ১৬টা শতক আৰু এদিনীয়াত ২২টা শতক অৰ্জন কৰে। এদিনীয়া খেলত তেওঁৰ সৰ্বোত্তম স্ক’ৰ আছিল ১৮৩ ৰান, যিটো তেওঁ ১৯৯৯ চনৰ বিশ্বকাপত শ্ৰীলংকাৰ বিৰুদ্ধে লাভ কৰিছিল। ২০০০ চনত তেওঁ ভাৰতৰ অধিনায়ক হয়।গাংগুলীৰ অধিনায়কত্বত ভাৰতে বিদেশত বহু ঐতিহাসিক টেষ্ট মেচত জয়লাভ কৰি ২০০৩ চনৰ বিশ্বকাপৰ ফাইনেলত প্ৰৱেশ কৰে। ২০০২ চনত লৰ্ডছত নেটৱেষ্ট ট্ৰফী লাভ কৰে।২০০৮ চনত তেওঁ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰ গ্ৰহণ কৰে।
