চ’নী ইণ্ডিয়াই আগবঢ়াইছে ব্ৰেভিয়া ৪কে এইচডিআৰ ডিচপ্লেৰ বিজেড৫০এল ছিৰিজ। ইয়াক নিৰ্ভৰযোগ্যতা, ছবিৰ মানদণ্ড আৰু বিশাল সামঞ্জস্যৰ প্ৰয়োজন হোৱা বাণিজ্যিক পৰিৱেশৰ অনুকূল হোৱাকৈ প্ৰস্তুত কৰা হৈছে। এই ছিৰিজে ব্যতিক্ৰমী ডিছপ্লে ক্ষমতা প্ৰদান কৰে, যাৰ ভিতৰত আছে প্ৰ’ ব্ৰেভিয়া ব্যৱহাৰকাৰীসকলৰ প্ৰিয় সুবিধা যেনে ছবিৰ মানদণ্ড(পিক্সাৰ কোৱালিটী), বহল দৃষ্টিকোণ(ৱাইডাৰ ভিৱিং এংগোল) আৰু চিপ (এছঅ’চি) প্লেটফৰ্মত এটা স্মাৰ্ট চিষ্টেম।
এফডব্লিউ-৯৮বিজেড৫০এল (৯৮ ইঞ্চি) মনিটৰত চ’নীৰ প্ৰফেছনেল ব্ৰেভিয়া বিজেড৪০জে ছিৰিজৰ তুলনাত ২২% কম ওজন আৰু ২৮% পাতল বেজেল প্ৰস্থ প্ৰদান কৰা হৈছে। ইয়াত অত্য়াধিক শক্তি ব্যৱহাৰ(পাৱাৰ কনজাম্পছন) বিশ্লেষণৰ বাবে এৰ্গোনোমিক হৰিজণ্টেল হেণ্ডেল আৰু ইচিঅ’ ডেশ্বব’ৰ্ড দিয়া হৈছে। আন সাধাৰণ সুবিধাবোৰৰ ভিতৰত আছে ২৪/৭ অপাৰেচন, ৱান-ষ্টেপ প্ৰি-ছেট ছেটিং, মিৰ’ৰিং, প্ৰ’মোড প্ৰযুক্তি, ইউনিফৰ্ম বেজেল ডিজাইন, সহজ ইনষ্টলেচন, মাল্টি-ডিচপ্লে সমৰ্থন আৰু ব্লেণ্ড-ইন ডিজাইনৰ বাবে এটা চাইড লোগো।বিজেড৫০এল ছিৰিজটোৱে ৩২ জিবিলৈ বৃদ্ধি কৰিছে ইণ্টাৰনেল ষ্টোৰেজ আৰু সহজ মাউণ্টিঙৰ বাবে এটা নতুন চেণ্টাৰ এলাইনমেণ্ট ৰেইল কিট প্ৰদান কৰিছে। ২০২৩ৰ ২০ জুলাই পৰা উপলব্ধ হ’ব এফডব্লিউ-98বিজেড50এল।
এই সন্দৰ্ভত চ’নী ইণ্ডিয়াৰ ডেপুটি মেনেজিং ডাইৰেক্টৰ নাকাচিমা টোমোহিৰোৱে কয় যে, “প্ৰ’এ ভি ব্যৱহাৰকাৰীসকলে চ’নীৰ প্ৰফেছনেল ডিছপ্লেসমূহক ছবিৰ মানদণ্ড(পিক্সাৰ কোৱালিটী), নমনীয়তা, আকাৰৰ পৰিসৰ আৰু ব্যৱহাৰৰ সহজতাৰ ওপৰত বিশ্বাস অব্যাহত ৰাখিছে আৰু আমি জানো যে আমাৰ গ্ৰাহকসকলে নতুনকৈ মুকলি কৰা ব্যতিক্ৰমী সংমিশ্ৰণ সুবিধাবিশিষ্ট ছিৰিজটোকো মূল্য দিব যিবোৰ আজিৰ পৰিৱৰ্তিত বাণিজ্যিক পৰিৱেশৰ সৈতে গভীৰভাৱে মিল খায়।”
