চনী ইণ্ডিয়াই মুকলি কৰিলে নতুন NW-A306 Walkman

301

এনডব্লিউ-এ৩০৬ (NW-A306) সংযোজনৰ কথা ঘোষণা কৰিছে। শ্ৰোতাসকলে এক উচ্চ-মানদণ্ডৰ অডিঅ’ৰ সৈতে বিচৰা ধৰণে সংগীত উপভোগ কৰাৰ বাবে ইয়াক তৈয়াৰ কৰিছে চনীয়ে। নতুন চনী ৱাকমেন এনডব্লিউ-এ৩০৬ হৈছে এক ষ্টাইলিছ আৰু কম্প্যাক্ট মিউজিক প্লেয়াৰ, যি গ্ৰাহকসকলক তেওঁলোকে ভাল পোৱা অধিক সংগীত ডাউনলোড আৰু ষ্ট্ৰীম কৰিবলৈ দিয়ে। মাত্ৰ ১৯৯ গ্ৰাম ওজনৰ, ই ৩.৬” টাচ স্ক্ৰীণ আৰু স্পৰ্শকাতৰ শাৰীৰিক (tactile physical) সংগীত নিয়ন্ত্ৰণ দুয়োটাৰ আৰাম আৰু কাৰ্যৰ সৈতে পাতল। এনডব্লিউ-এ৩০৬ ছিৰিজটোৱে ব্যৱহাৰকাৰীৰ পকেটৰ পৰাই ব্যতিক্ৰমী সংগীতৰ অভিজ্ঞতা প্ৰদান কৰে।

এনডব্লিউ-এ৩০৬ প্ৰিমিয়াম চাউণ্ড আৰু ষ্টাইল বিচাৰি থকা অডিঅ’ফিলৰ বাবে ডিজাইন কৰা হৈছে। ই এছ-মাষ্টাৰ এইচএক্স ডিজিটেল এম্প প্ৰযুক্তি, যিয়ে এজ-এআই, ডিএছইই আলটিমেট™ আৰু এক প্ৰিমিয়াম এলুমিনিয়াম মিশ্ৰিত ফ্ৰেম ব্যৱহাৰ কৰে। ইয়াৰ আগৰ মডেলবোৰতকৈ দীঘলীয়া সময়লৈ বেটাৰী চলি থকাৰ সুবিধা আছে, যি ৪৪.১ কিলোৱাটহাৰ্জ এফএলএচি প্লেবেকৰ ৩৬ ঘণ্টালৈকে, ৯৬ কিলোৱাটহাৰ্জ এফএলএচি হাই ৰিজলিউশ্বন অডিঅ’ প্লেবেকৰ ৩২ ঘণ্টালৈকে বা ষ্ট্ৰীমিং সেৱা এপ্পৰ সৈতে ২৬ ঘণ্টালৈকে বেটাৰী চলি থকা ক্ষমতা প্ৰদান কৰে। চনিৰ এনডব্লিউ-এ৩০৬ হৈছে পোনপটীয়া ডাউনলোড আৰু মিউজিক ষ্ট্ৰীমিংৰ বাবে ৱাই-ফাই® সুসঙ্গত (compatible) আৰু ইয়াক স্থিৰতাৰ কথা মনত ৰাখি ডিজাইন কৰা হৈছে।

পেকেজিং সামগ্ৰীত কোনো প্লাষ্টিক ব্যৱহাৰ কৰা নহয়, যি ইয়াৰ সামগ্ৰী আৰু পদ্ধতিবোৰৰ পাৰিপাৰ্শ্বিক প্ৰভাৱ হ্ৰাস কৰাৰ বাবে চনীৰ প্ৰতিশ্ৰুতি প্ৰতিফলিত কৰে। চনীৰ ৱায়াৰলেচ হেডফোনো উপলব্ধ। এনডব্লিউ-এ৩০৬ ৱাকমেন ৯ ফেব্ৰুৱাৰী ২০২৩-ৰ পৰা সকলো চনি চেণ্টাৰত উপলব্ধ হৈছে আৰু ইয়াৰ মূল্য হৈছে ২৫,৯৯০/- টকা।