চনীয়ে আটাইতকৈ নতুন ডলবি এটমছ চাউণ্ডবাৰ এইছটি-এছ2000 ঘোষণা কৰিছে। এই 5.11-চেনেল চাউণ্ডবাৰে ভাৰ্টিকেল চাৰাউণ্ড ইঞ্জিন আৰু এছ-ফৰ্চ পি আৰ অ’ ফ্ৰণ্ট চাৰাউণ্ডৰ দ্বাৰা চিনেমেটিক চাৰাউণ্ড শব্দ প্ৰদান কৰে। ইয়াত নতুনকৈ বিকশিত কৰা আপ মিক্সাৰ আছে যাতে ষ্টেৰিঅ’ কণ্টেণ্ট পৰিৱেশন কৰোঁতে বা বজাওঁতে ত্ৰিমাত্ৰিক চাৰাউণ্ড অভিজ্ঞতা লাভ কৰিব পাৰে। ইয়াৰ উপৰিও ই হ’ব নতুন হোম এণ্টাৰটেইনমেণ্ট কানেক্ট এপৰ বাবে প্ৰথমটো সুসংহত ডিভাইচ।
এইচটি-এছ2000 হৈছে ডলবি এটমছ/ডিটিএছ:এক্স, এছ-ফৰ্ছ পিআৰঅ’ ফ্ৰণ্ট চাৰাউণ্ড আৰু ভাৰ্টিকেল চাৰাউণ্ড ইঞ্জিনৰ সৈতে এক নিমজ্জিত চিনেমেটিক চাউণ্ডবাৰ।ইয়াৰ লগতে নতুনকৈ বিকশিত কৰা আপমিক্সাৰৰ সৈতে ত্ৰিমাত্ৰিক চাৰাউণ্ড শব্দ আছে। ইয়াত সমৃদ্ধ বেছ ধ্বনি আৰু চিনেমাৰ দৰে অনুভৱ কৰিব পৰা শব্দ যোগ কৰিবলৈ এটা বৈকল্পিক ৱায়াৰলেচ চাবউফেৰ আৰু ৰিয়েৰ স্পীকাৰ আছে। ইয়াৰ উপৰিও ইয়াত এইচডিএমআই আৰু অপ্টিকেল সংযোগৰ সৈতে সহজ ছেটআপ আৰু অপাৰেচনৰ সুবিধা আছে। ৰিম’ট কন্ট্ৰ’লত সহজ, স্বজ্ঞাত কাৰ্য-কলাপৰ সৈতে এক আনন্দদায়ক, হেণ্ড-ফিট ডিজাইন আছে।
উপৰিও, এইচটি-এছ2000-এ পুনৰ্ব্যৱহাৰ যোগ্য প্লাষ্টিকৰ সৈতে উৎকৃষ্ট ধ্বনিগত প্ৰদৰ্শন পুনৰুৎপাদন কৰিবলৈ সামগ্ৰীৰ কেইবাটাও অংশত বিশেষভাৱে বিকশিত পুনঃব্যৱহৃত প্লাষ্টিক ব্যৱহাৰ কৰে। গ্ৰাহকে ২০২৩ চনৰ ৯ জুনৰ পৰা ব্ৰেভিয়া ১০৮ ছে.মি. (৪৩) আৰু তাৰ ওপৰৰ টেলিভিছনৰ সৈতে এইচটি-এছ2000 ক্ৰয় কৰিলে ১৪,৯৯০/- টকা আৰু ৪,০০০/- টকা ৰেহাই লাভ কৰিব পাৰিব।
