গুৱাহাটীত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হয় ভাৰতৰ প্ৰখ্যাত সংগীত শিল্পী চনু নিগম একক লাইভ কনচার্ট। দেওবাৰে নিশা গুৱাহাটী মহানগৰীৰ গ্ৰীণ উড ৰিজ’ৰ্টত এই কনচাৰ্টেৰে ‘‘দিৱানা তেৰা ট্যুৰ’’ মুকলি কৰে প্ৰখ্যাত সংগীত শিল্পী গৰাকীয়ে। কনচাৰ্টখনত তেওঁ নিজৰ অতি জনপ্ৰিয় গীত পৰিৱেশন কৰি দৰ্শকক মুগ্ধ কৰে। কনচাৰ্টখনত চনু নিগমে প্ৰাণৰ শিল্পী জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি জনায়। মায়াবিনী গীতটি পৰিৱেশন কৰি জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি জনায়।
