কংগ্ৰেছৰ সাংসদ ছোনিয়া গান্ধীলৈ জাৰি কৰা হৈছে জাননী ৷ দিল্লীৰ ৰাউজ এভিনিউ আদালতে কংগ্ৰেছৰ প্ৰাক্তন সভানেত্ৰী ছোনিয়া গান্ধীক তেওঁৰ নাগৰিকত্বৰ দাবী পৰীক্ষা কৰাৰ পূৰ্বে তেওঁৰ নাম ভোটাৰ তালিকাত অন্তৰ্ভুক্ত হোৱাৰ সৈতে জড়িত এক গোচৰত জাননী জাৰি কৰিছে । ১৯৮০-৮১ চনৰ ভোটাৰ তালিকাত তেওঁৰ নাম ভুলকৈ অন্তৰ্ভুক্ত হোৱা বুলি দাবী কৰি এখন আবেদনৰ ভিত্তিত ৰাউজ এভিনিউ আদালতে কংগ্ৰেছৰ সাংসদ ছোনিয়া গান্ধীক জাননী জাৰি কৰে ।এই আৱেদন দাখিল কৰিছে অধিবক্তা বিকাশ ত্ৰিপাঠীয়ে । ইয়াৰ পূৰ্বে ১১ ছেপ্টেম্বৰত অতিৰিক্ত মুখ্য ন্যায়িক দণ্ডাধীশ বৈভৱ চৌৰাছিয়াই আবেদন খাৰিজ কৰিছিল । আৱেদনখনত উল্লেখ আছে যে ১৯৮৩ চনত ভাৰতীয় নাগৰিক হোৱা বুলি, কিন্তু ইমানৰ পিছতো ১৯৮০ চনত ছোনিয়া গান্ধীৰ নাম ভোটাৰ তালিকাত সংযোজন কৰা হৈছিল ।অভিযোগত উল্লেখ আছে যে ছোনিয়া গান্ধী মূলতঃ ইটালীৰ নাগৰিক । ১৯৮০ চনৰ জানুৱাৰী মাহত তেওঁৰ নাম ভোটাৰ তালিকাত অন্তৰ্ভুক্ত হোৱাৰ অভিযোগ উত্থাপন হোৱাৰ বিপৰীতে ১৯৮৩ চনত নাগৰিকত্ব আইন, ১৯৫৫ৰ অধীনত ভাৰতীয় নাগৰিকত্ব লাভ কৰে । এই অনিয়মৰ তদন্ত আৰু এই কথিত অবৈধ পঞ্জীয়নৰ বাবে সংশ্লিষ্ট বিষয়াক জগৰীয়া কৰিবলৈ আদালতক অনুৰোধ জনাইছে ।
