মাতৃহাৰা হ’ল সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা ড০ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য। সোমবাৰে নিশা বিয়োগ ঘটে ড০ ভট্টাচাৰ্যৰ মাতৃৰ। তেওঁৰ মাতৃৰ নাম আছিল বীণা ভট্টাচাৰ্য।বীণা ভট্টাচাৰ্যৰ বিয়োগত সাংস্কৃতিক পৰিক্ৰমা দপ্তৰৰ মন্ত্ৰী বিমল বৰাকে ধৰি ভালেকেইজন লোকে শোক প্ৰকাশ কৰে।
মন্ত্ৰী বৰাই বীণা ভট্টাচাৰ্যৰ আত্মাৰ চিৰ শান্তি কামনা কৰাৰ লগতে শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰে।
জানিব পৰা মতে দীৰ্ঘদিন ধৰি অসুস্থ হৈ আছিল বীণা ভট্টাচাৰ্য।
মঙলবাৰে পুৱা ১০ বজাত দক্ষিণ শৰণীয়াৰ বাসগৃহত শ্ৰদ্ধা জনাব পাৰিব শুভাকাঙ্খীসকলে।
ইয়াৰোপৰি নৱগ্ৰহ শ্মশানত শেষকৃত্য সম্পন্ন কৰা হ’ব বীণা ভট্টাচাৰ্যৰ।p
