আৰণ্যকৰ উদ্যোগত গোৱালপাৰা সংমণ্ডলৰ বনকৰ্মীক সৌৰ শক্তি চালিত বেৰা পৰিচালনাৰ প্ৰশিক্ষণ

181

উত্তৰ পূৱৰ অগ্ৰণী জৈৱ বৈচিত্ৰ্য সংৰক্ষণ সংস্থা আৰণ্যকৰ উদ্যোগত গোৱালপাৰা জিলাত অনুষ্ঠিত এখন কৰ্মশালাত গোৱালপাৰা বন সংমণ্ডলৰ সকলো ৰেঞ্জৰ বন ক্ষেত্ৰ কৰ্মীসকলক মানৱ-হাতী সংঘাত প্ৰশমনৰ আহিলা হিচাপে ব্যৱহাৰ কৰা সৌৰ শক্তি চালিত বেৰা স্থাপন পদ্ধতি, পৰিচালনা আৰু ইয়াৰ কাম-কাজৰ বিষয়ে হাতে কামে প্ৰশিক্ষণ দিয়া হয় ।

আৰণ্যকৰ এটা সমল গোটে পৰিচালনা কৰা এই দিনজোৰা প্ৰশিক্ষণ কৰ্মশালাখনত গোৱালপাৰা বন সংমণ্ডলৰ ছটা ৰেঞ্জ ক্ৰমে – গোৱালপাৰা সদৰ, ৰংজুলি, কৃষ্ণাই, লক্ষীপুৰ, প্ৰটেকশ্যন ৰেঞ্জ আৰু কনছলিডেশ্যন ৰেঞ্জৰ প্ৰায় ৫০ জন ফ্ৰন্টলাইন বনকৰ্মীয়ে অংশগ্ৰহণ কৰে।

অংশগ্ৰহনকাৰী সকলক শ্ৰেণী কোঠাত দিয়া সজাগতা প্ৰশিক্ষণৰ লগতে সৌৰ শক্তি চালিত বেৰা এখনৰ সকলো উপাদান, এইবোৰৰ কাম আৰু সৰ্বাধিক কাৰ্য্যকাৰিতাৰ বাবে সৌৰ শক্তি চালিত বেৰা পৰিচালনা কৰাৰ ব্যৱহাৰিক প্ৰশিক্ষণ দিয়া হয়।