বিজেপি সাংসদৰ ৰেফাৰেন্সত সদনত প্ৰৱেশ কৰিছিল অভিযুক্ত! চটিয়াইছিল স্মোক বোমা…

190

বুধবাৰে সংসদৰ নিৰাপত্তাৰ ক্ষেত্ৰত সংঘটিত হ’ল এক বৃহৎ গাফিলতি। লোকসভাৰ কার্যক্ৰমৰ সময়তে দুজন ব্যক্তিয়ে সদনত জপিয়াই পৰে৷ যুৱক দুজনে সদনৰ ভিতৰত স্মোক বোমা স্প্ৰে’ কৰাৰ পিছতে সৃষ্টি হয় হূলস্থলূৰ পৰিৱেশ। সাংসদসকলে এই ঘটনাক এক বৃহৎ নিৰাপত্তাজনিত ক্ৰুটি বুলি অভিহিত কৰিছে। ইফালে, তথ্য পোহৰলৈ আহিছে যে যিজন সাংসদৰ পাছ ব্যৱহাৰ কৰি অভিযুক্তই সংসদত প্ৰৱেশ কৰিছিল তেওঁ হৈছে প্ৰতাপ সিনহা। তেওঁ বিজেপিৰ নেতা। সাংসদ প্ৰতাপ সিনহাৰ ৰেফাৰেন্সতে সদনত প্ৰৱেশ কৰিছিল অভিযুক্ত। উল্লেখ্য যে, ‘পাছ’ৰ তলত সাংসদজনৰ নাম লিখা থাকে। কৰ্ণাটকৰ মহীশূৰৰ সাংসদ প্ৰতাপ সিনহা। দ্বিতীয়বাৰৰ বাবে মহীশূৰক প্ৰতিনিধিত্ব কৰিছে তেওঁ। অভিযুক্তৰ নাম সাগৰ। তেওঁক ইতিমধ্যে আৰক্ষীয়ে নিজৰ জিম্মাত লৈছে।

প্ৰতাপ সিনহাই ৰাজনীতিত প্ৰৱেশৰ পূৰ্বে সাংবাদিকতাত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিছিল। ২০১১ চনত তেওঁ সাংবাদিকতাৰ বাবে সন্মানীয় ৰাজ্যোৎসৱ বঁটাও লাভ কৰে। তেওঁ এই বঁটা লাভ কৰা আটাইতকৈ কম বয়সীয়া সাংবাদিক আছিল। অন্যহাতে প্ৰধানমন্ত্ৰী মোদীৰ ওপৰতো তেওঁ লিখিছে এখন গ্ৰন্থ। সাংসদ হোৱাৰ পূৰ্বে তেওঁ ১৩ বছৰ সাংবাদিকতাও কৰিছিল।

সদনৰ দৰ্শক গেলেৰীৰ পৰা জপিয়াই নামি অহা দুজন লোকক ধৰি কংগ্ৰেছৰ সাংসদ গুৰজিৎ ​​সিং আউজলাই এই সন্দৰ্ভত কয়। তেওঁৰ হাতত কিবা এটা আছে, তাৰ পৰা হালধীয়া ধোঁৱা ওলাই আছে বুলি ক’লে। কাঢ়ি লৈ ​​বাহিৰলৈ দলিয়াই দিলোঁ। এয়া এক বৃহৎ নিৰাপত্তা গাফিলতি।

লোকসভাৰ অধ্যক্ষ ওম বিৰলাই কয়, জিৰ’ আৱাৰট সংঘটিত হোৱা ঘটনাৰ পুংখানুপুংখ তদন্ত চলি আছে। দিল্লী আৰক্ষীকো প্ৰয়োজনীয় নিৰ্দেশনা দিয়া হৈছে। প্ৰাথমিক তদন্তত প্ৰকাশ পাইছে যে সেয়া কেৱল ধোঁৱা আছিল আৰু চিন্তাৰ কোনো প্ৰয়োজন নাই।