এছএমএফজি ইণ্ডিয়া ক্ৰেডিটে দেশৰ ৬ স্থানত ৫১৭ জন লোকৰ অংশগ্ৰহণেৰে “সৰ্ববৃহৎ গৰু কল্যাণ পাঠ (একাধিক স্থান)”ৰ বাবে গিনিছ ৱৰ্ল্ড ৰেকৰ্ডত স্থান লাভ কৰিবলৈ সক্ষম হৈছে। এই মাইলৰ খুঁটি প্ৰতিষ্ঠানটোৰ সপ্তম পশু বিকাশ দিৱস(পিভিডি)ৰ সময়ত অৰ্জন কৰে, যি হৈছে সমগ্ৰ ভাৰতৰ অন্যতম বৃহৎ এদিনীয়া গৰু যতন শিৱিৰ। এই শিৱিৰৰ জৰিয়তে প্ৰায় ১,৯০,০০০ লোক উপকৃত হৈছিল, যিবোৰ একেসময়তে ১৬খন ৰাজ্যৰ ৫০০টা স্থান(১,৫০,০০০ জীৱ-জন্তু আৰু ৪০,০০০ গৰু মালিক)ত অনুষ্ঠিত হৈছিল।
দেশৰ প্ৰায় ৬৫–৭০% গ্ৰাম্য জনসংখ্যাই কৃষি বা ইয়াৰ লগত জড়িত কাম-কাজৰ পৰাই জীৱন নিৰ্বাহ কৰে। “মেৰা পশু মেৰা পৰিবাৰ” শীৰ্ষক বিষয়বস্তুৰে এছএমএফজি ইণ্ডিয়া ক্ৰেডিটে এই গ্ৰাম্য পৰিয়ালসমূহৰ জীৱনত পশুধনৰ তাৎপৰ্যৰ ওপৰত আলোকপাত কৰি সপ্তম পশু বিকাশ দিৱস উপলক্ষে এই অবিচ্ছেদ্য সম্পৰ্কৰ কথা অনুভৱ কৰি এই বিশেষ পদক্ষেপ গ্ৰহণ কৰে। এছএমএফজি ইণ্ডিয়া ক্ৰেডিটৰ মুখ্য কাৰ্যবাহী বিষয়া তথা পৰিচালন সঞ্চালক শান্তনু মিত্ৰই এই কথা সদৰি কৰি কয় যে, “এছএমএফজি ইণ্ডিয়া ক্ৰেডিটত আমি ইতিবাচক প্ৰভাৱ সৃষ্টি কৰা সামাজিক পদক্ষেপক চেম্পিয়ন কৰাৰ প্ৰতিশ্ৰুতিত অটল হৈ আছো।”
এছএমএফজি ইণ্ডিয়া ক্ৰেডিটৰ মুখ্য পৰিচালন বিষয়া স্বামীনাথন সুব্ৰমণিয়ামে এই বিষয়ে কয় যে, “একাধিক স্থানত সৰ্বাধিক গৰু কল্যাণ পাঠ অনুষ্ঠিত কৰাৰ বাবে গিনিজ ৱৰ্ল্ড ৰেকৰ্ডছৰ পৰা লাভ কৰা স্বীকৃতি এছএমএফজি ইণ্ডিয়া ক্ৰেডিটৰ প্ৰতিজন ব্যক্তিৰ বাবে এক গৰ্ব আৰু অনিভৱ ৰূপত সংজ্ঞায়িত কৰা ক্ষণ।”