এনএছই ইমাৰ্জ প্লেটফৰ্মত তালিকাভুক্ত ক্ষুদ্ৰ-মজলীয়া উদ্যোগৰ ১,০০,০০০ কোটি টকাৰ মাৰ্কেট কেপিটেলাইজেচনৰ সীমা অতিক্ৰম 

341

ভাৰতৰ আগশাৰীৰ ষ্টক এক্সচেঞ্জ নেচনেল ষ্টক এক্সচেঞ্জে (এনএছই) প্ৰথমবাৰৰ বাবে এনএছই ইমাৰ্জ প্লেটফৰ্মত ১ লাখ কোটি মাৰ্কেট কেপিটেলাইজেচন(বজাৰ পুঁজিকৰণ)ৰ সাক্ষী হৈছে। ২০১২ চনত আৰম্ভ হোৱাৰ পিছৰে পৰাই এনএছই ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগসমূহে আমাৰ দেশত বৃদ্ধি পোৱা ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগসমূহৰ বাবে এক কাৰ্যক্ষম আৰু বহনক্ষম সুযোগ প্ৰদানৰ ক্ষেত্ৰত অনুঘটক হিচাপে কাম কৰি আহিছে। বৰ্তমান সময়লৈকে ৩৯৭টা কোম্পানীয়ে ৭,৮০০ কোটিতকৈ অধিক ধন সংগ্ৰহৰ জৰিয়তে এনএছই ইমাৰ্জত তালিকাভুক্ত হৈছে। ২০১৭ বৰ্ষত মুকলি কৰা নিফটি এছএমই ইমাৰ্জ ইণ্ডেক্স বৰ্তমান ১৯টা খণ্ডৰ ১৬৬টা কোম্পানীৰে গঠিত। ২০২৩ চনৰ নৱেম্বৰ মাহলৈকে ৩৯.৭৮% চিএজিআৰ প্ৰদৰ্শন কৰিছে, যি আমাৰ দেশৰ সামগ্ৰিক অৰ্থনৈতিক বিকাশত এছএমই খণ্ডৰ বৰ্ধিত অৱদানৰ ইংগিত বহন কৰে।

 এই বৰ্ষৰ আৰম্ভণিতে এনএছ ইয়ে নিয়ন্ত্ৰণ অনুপালনৰ এক বহল শিক্ষণ বক্ৰ(লাৰ্নিং কাৰ্ভ অৱ ৰেগুলেটৰী কমপ্লায়েঞ্চ)ৰ সৈতে উচ্চ মানদণ্ডৰ কোম্পানীসমূহক প্ৰচাৰ-প্ৰসাৰ কৰিবলৈ নিজৰ মেইনবৰ্ড প্লেটফৰ্মত ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগসমূহৰ প্ৰব্ৰজন বা সালসলনিৰ ক্ষেত্ৰত এনএছই ইমাৰ্জৰ মাপকাঠী(ক্ৰাইটেৰিয়া) শক্তিশালী কৰিছিল। বৰ্তমান ১৩৮টা প্ৰতিষ্ঠানে এনএছইৰ মেইনবৰ্ড প্লেটফৰ্মলৈ মাইগ্ৰেট(সলনি) কৰিছে।

এই বিষয়ে এনএছইৰ মুখ্য ব্যৱসায়িক উন্নয়ন বিষয়া শ্ৰীৰাম কৃষ্ণনে কয় যে, “এনএছই ইমাৰ্জৰ তালিকাভুক্ত কোম্পানীসমূহে ১ লাখ কোটি বজাৰ মূলধন অতিক্ৰম কৰাটো এক গুৰুত্বপূৰ্ণ মাইলৰ খুঁটি। ইয়াৰ দ্বাৰা আমাৰ দেশৰ অৰ্থনৈতিক বিকাশৰ চালিকা শক্তি হিচাপে পৰিগণিত হোৱা ভাৰতীয় এমএছএমইসমূহৰ পোহৰলৈ নহা বা অন্তৰ্নিহিত সম্ভাৱনাক প্ৰদৰ্শন কৰা হৈছে। আমি এনএছইত আগন্তুক সংস্থাসমূহৰ বাবে সমৃদ্ধিৰ কাহিনীক তালিকাভুক্ত বা শৃংখলাবদ্ধ কৰিবলৈ আৰু মূলধনী বজাৰসমূহক অধিক সুলভ কৰি তুলিবলৈ ধন সংগ্ৰহৰ সুযোগসমূহ সহজ কৰি তুলিবলৈ প্ৰতিশ্ৰুতিবদ্ধ। আমি ভাৰতীয় এমএছএমইসকলক এনএছই ইমাৰ্জৰ জৰিয়তে মূলধন সংগ্ৰহৰ বিকল্প উৎসৰ বিষয়ে অন্বেষণ কৰিবলৈ আহ্বান জনাইছো।”