স্মাৰ্ট ইণ্ডিয়া হেকাথন ২০২৩

438

মণিপালৰ মণিপাল ইনষ্টিটিউট অৱ টেকন’লজী(এমআইটি)ত ভাৰত চৰকাৰৰ শিক্ষা মন্ত্ৰালয় আৰু ইনষ্টিটিউচন ইনভেচন কাউঞ্চিলৰ উদ্যোগত আয়োজিত স্মাৰ্ট ইণ্ডিয়া হেকাথন ২০২৩ উদ্বোধন কৰে এমএএইচইৰ উপাচাৰ্য লেফটেনেণ্ট জেনেৰেল ড০ এম ডি ভেংকটেশে। উপাচাৰ্য ভেংকটেশে ৭৫ বছৰ পূৰ্বে ড০ টিএমএ পাইয়ে আৰম্ভ কৰা শৈক্ষিক প্ৰতিষ্ঠানৰ গুৰুত্বৰ ওপৰত আলোকপাত কৰে, যিবোৰে দৰিদ্ৰতা, ৰোগ আৰু নিৰক্ষৰতাৰ দৰে বিষয়ৰ সৈতে মোকাবিলা কৰাৰ ক্ষেত্ৰত যথেষ্ট অগ্ৰগতি লাভ কৰিছে।

অঞ্চলটোৰ উৎকৃষ্ট স্বাস্থ্যসেৱা ব্যৱস্থা, শিশু আৰু মাতৃৰ মৃত্যুৰ নিম্ন হাৰ আৰু সাক্ষৰতাৰ উচ্চ হাৰৰ লগতে ৰাষ্ট্ৰসংঘই নিৰ্ধাৰণ কৰা ২০১৭ চনৰ বহনক্ষম উন্নয়নৰ লক্ষ্যৰ ওপৰতো আলোকপাত কৰে।দেশৰ বিভিন্ন ৰাজ্যৰ ২২টা দলে অনুষ্ঠানটোত অংশগ্ৰহণ কৰিছিল, অনুষ্ঠানত কেন্দ্ৰীয় আয়ূস বিভাগ, গুজৰাট চৰকাৰ আৰু কেৰালা চৰকাৰৰ দ্বাৰা উপস্থাপন কৰা বিভিন্ন সমস্যাৰ বক্তব্য বা বিবৃতিৰ সৃষ্টিশীল সমাধানৰ ওপৰত সৰ্বাধিক গুৰুত্ব আৰোপ কৰা হৈছিল।
ভেংকটেশে এমআইটিৰ সম্ভাৱনাৰ গুৰুত্ব উপলব্ধি কৰাৰ বাবে ইনভেচন কাউঞ্চিল(উদ্ভাৱন পৰিষদ), এআইচিটিই আৰু শিক্ষা মন্ত্ৰালয়ক ধন্যবাদ জ্ঞাপন কৰে আৰু অনুষ্ঠানত অংশ লোৱা ব্যক্তিসকলক মানৱজাতিক আগুৱাই নিয়া দীৰ্ঘম্যাদী সমাধান সৃষ্টি কৰিবলৈ আহ্বান জনায়। যুৱ উদ্ভাৱকসকলে স্মাৰ্ট ইণ্ডিয়া হেকাথন ২০২৩ক সহযোগিতা, ধাৰণা আৰু বাস্তৱ-জগতৰ।