স্মাৰ্ট ৰোজা : বিশেষজ্ঞসকলে পৱিত্ৰ ৰমজানৰ বাবে আগবঢ়াইছে ডায়েবেটিছ নিয়ন্ত্ৰণৰ টিপছ

133

পৱিত্ৰ ৰমজান মাহত উপবাসৰ সময়ত চিকিৎসা বিশেষজ্ঞসকলে ডায়েবেটিছ নিয়ন্ত্ৰণৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে। ডায়েবেটিছ ৰোগীয়ে চুহুৰ (সুৰ্যোদয়ৰ পূৰ্বৰ আহাৰ) আৰু ইফতাৰ (সূৰ্যাস্তৰ পিছৰ খাদ্য)ৰ মাজত উপবাসৰ সময়ত তেজত শৰ্কৰাৰ মাত্ৰাৰ ভাৰসাম্য ৰক্ষা কৰাৰ বাবে যথেষ্ট প্ৰত্যাহ্বানৰ সন্মুখীন হয়। চিকিৎসকে সুপৰিকল্পিত খাদ্য, অবিৰত গ্লুক’জ নিৰীক্ষণ (চিজিএম) আৰু পৰ্যাপ্ত পৰিমাণৰ হাইড্ৰেচনৰ পৰামৰ্শ দিয়ে যাতে নিৰাপদ উপবাস বা সুকলমে ৰমজান মাহটো সম্পূৰ্ণ কৰিব পাৰে। উপবাসৰ সময়ত তেজত শৰ্কৰাৰ স্তৰ সন্তুলিত কৰা, সূৰ্যোদয়ৰ পূৰ্বে চুহুৰৰ পৰা সূৰ্যাস্তৰ পিছৰ ইফতাৰলৈকে, সম্ভাব্য তাৰতম্যৰ বাবে কেতিয়াবা স্বাভাৱিক জীৱন যাপন প্ৰত্যাহ্বানজনক হ’ব পাৰে। সেয়েহে চুহুৰ আৰু ইফতাৰলৈ দিনটোত শক্তিশালী অত্যাৱশ্যকীয় আহাৰৰ প্ৰয়োজন, যিয়ে শক্তি আৰু পুষ্টি সমানে প্ৰদান কৰে। ডায়েবেটিচ থকা লোকসকলৰ বাবে, এই সময়ছোৱাত সাৱধানে আহাৰ প্ৰস্তুত-গ্ৰহণৰ পৰিকল্পনা কৰাটো তেজত শৰ্কৰাৰ স্তৰৰ পৰিৱৰ্তনবোৰ নিয়ন্ত্ৰণ কৰিবলৈ সমানে লক্ষ্য ৰাখিব লাগিব।

উপযুক্ত পুষ্টিকৰ খাদ্যৰ লগতে তেজৰ গ্লুক’জৰ মাত্ৰা নিৰীক্ষণ কৰাটোও বাঞ্ছনীয়। কণ্টিনিউৱাছ গ্লুক’জ মনিটৰিং (চিজিএম) হৈছে বাস্তৱ সময়ত তেজৰ গ্লুক’জৰ মাত্ৰা নিৰীক্ষণ কৰাৰ এক সুবিধাজনক আৰু বিষমুক্ত(পেইন-ফ্ৰী) উপায়। সুপৰিকল্পিত খাদ্যৰ সৈতে নিয়মীয়া গ্লুক’জ নিৰীক্ষণৰ সংমিশ্ৰণেৰে মধুমেহ ৰোগীয়ে নিৰাপদে উপবাস পালন কৰিব পাৰে আৰু লগতে গোটেই পবিত্ৰ মাহটোত নিজৰ স্বাস্থ্য বজাই ৰাখিব পাৰে। গুৱাহাটীৰ নেমকেয়াৰ হাস্পতালৰ চিকিত্সক তথা এমডি, ডিএম, ফেইচ (আমেৰিকা যুক্তৰাষ্ট্ৰ) ডাঃ বিপুল চৌধুৰীয়ে এই বিষয়ে নিজৰ অভিমত প্ৰকাশ কৰি কয় যে, “ৰমজানৰ সময়ত ডায়েবেটিছ ৰোগত আক্ৰান্তৰ সময়তো উপবাস কৰা লোকসকলৰ বাবে অবিৰত গ্লুকজ নিৰীক্ষণ (চিজিএম) নিতান্তই প্ৰয়োজনীয়। চিজিএম-ৰ দ্বাৰা প্ৰদান কৰা ৰিয়েল-টাইম ব্লাড চুগাৰ(সঠিক সময়ত ৰক্তশৰ্কৰাৰ পৰিমাণ)ৰ তথ্যই উপবাসৰ পূৰ্বে আৰু পিছত আহাৰৰ সৈতে সম্পৰ্কিত গ্লুকজৰ মাত্ৰা চিনাক্ত আৰু সমাধান কৰাত সহায় কৰে। এই তথ্য-চালিত পদ্ধতিয়ে উন্নত ৰক্ত গ্লুকজ নিয়ন্ত্ৰণ আৰু অধিক আত্মবিশ্বাসৰ বাবে শেহতীয়া স্থিতি, আহাৰৰ সময় আৰু ব্যায়াম সলনি কৰাত সহায় কৰে।

বিশেষকৈ ৰমজানৰ সময়ত ডায়েবেটিছৰ সঠিক ব্যৱস্থাপনাৰ বাবে তেজত গ্লুকজৰ মাত্ৰা নিৰন্তৰ নিৰীক্ষণ কৰাটো প্ৰয়োজনীয়। ফ্ৰী ষ্টাইল লিব্ৰেৰ দৰে অবিৰত গ্লুকজ মনিটৰিং ডিভাইচে বাস্তৱ-সময়ৰ তথ্য প্ৰদান কৰে, যিয়ে একক-সময়ৰ ৰিডিঙৰ পৰিৱৰ্তে ৰক্ত শৰ্কৰাৰ প্ৰৱণতাৰ সম্পূৰ্ণ প্ৰতিচ্ছবিখন প্ৰদান কৰে। আপুনি আপোনাৰ স্মাৰ্টফোনত উপলব্ধ এই তথ্যৰ জৰিয়তে আপোনাৰ আহাৰ, শাৰীৰিক কাৰ্য-কলাপ আৰু চিকিৎসাৰ বিষয়ে সঠিক সিদ্ধান্ত ল’ব পাৰে। বিশেষজ্ঞসকলে খেজুৰ আৰু ফলমূলৰ সৈতে উপবাস ভংগ কৰাৰ পৰামৰ্শ দিয়ে, ইয়াৰ পিছত আঁহ, প্ৰ’টিন আৰু স্বাস্থ্যকৰ কাৰ্ব’হাইড্ৰেট সমৃদ্ধ সন্তুলিত আহাৰ গ্ৰহণ কৰিব লাগে। ইয়াৰ লগতে খোজ কঢ়া আৰু যোগাসনৰ দৰে পাতল ব্যায়ামৰ পৰামৰ্শ দিয়া হয়, আনহাতে কঠোৰ-পৰিশ্ৰম হোৱা কাৰ্য-কলাপ পৰাপক্ষত পৰিহাৰ কৰিব লাগে। গ্লুকজ নিয়ন্ত্ৰণৰ বাবে সঠিক টোপনিৰ সময়সূচী বজাই ৰখাটোও অতি গুৰুত্বপূৰ্ণ। গুৱাহাটীত স্বাস্থ্যসেৱা পেছাদাৰীসকলে ডায়েবেটিচ ব্যৱস্থাপনা সম্পৰ্কে সজাগতা বৃদ্ধি হোৱাৰ লগে লগে ফ্ৰীষ্টাইল লিব্ৰেৰ দৰে চিজিএম সঁজুলিৰ বৰ্ধিত চাহিদাৰ ইংগিত দিয়ে। ফাৰ্মাচী আৰু চিকিৎসা বিপণীবোৰত স্মাৰ্ট গ্লুক’জ নিৰীক্ষণ সমাধানৰ বিষয়ে অনুসন্ধান বৃদ্ধি হোৱা দেখা গৈছে, যি ৰমজানৰ সময়ত সক্ৰিয় স্বাস্থ্য ব্যৱস্থাপনাৰ দিশত এক পৰিৱৰ্তনকে প্ৰতিফলিত কৰিছে।