দেশৰ বিৰুদ্ধে থিয় দি পাকিস্তানৰ জয়ধ্বনি দিয়া লোকসকলৰ বিৰুদ্ধে কঠোৰ স্থিতি গ্ৰহণ কৰিছে কৰ্ণাটক চৰকাৰে। যোৱা তিনি বছৰত ৰাজ্যখনত পাকিস্তানৰ সমৰ্থনত শ্লোগান দিয়া লোকৰ বিৰুদ্ধে মুঠ ১২ টা গোচৰ ৰুজু কৰা হৈছে। বৃহস্পতিবাৰে বিধান পৰিষদত বিজেপি সদস্য চি টি ৰবিৰ এক প্ৰশ্নৰ উত্তৰ দি গৃহমন্ত্ৰী জি পৰমেশ্বৰে এই তথ্য সদৰী কৰে।
গৃহমন্ত্ৰীগৰাকীয়ে জনোৱা মতে, এই ১২ টা গোচৰৰ ভিতৰত ৬ টা গোচৰ আৰক্ষীয়ে নিজাববীয়াকৈ ৰুজু কৰিছে। বৰ্তমানলৈকে ৫ টা গোচৰত অভিযোগনামা দাখিল কৰা হৈছে আৰু ৩ টা গোচৰৰ তদন্ত এতিয়াও অব্যাহত আছে। বাকী গোচৰসমূহৰ ভিতৰত দুটাত ‘বি’ ৰিপৰ্ট আৰু এটাত ‘চি’ ৰিপৰ্ট দাখিল কৰাৰ লগতে এটা গোচৰৰ ফৰেনছিক ৰিপৰ্টৰ বাবে অপেক্ষা কৰি থকা হৈছে বুলিও তেওঁ সদৰী কৰে।
আন এক প্ৰসংগত গৃহমন্ত্ৰীগৰাকীয়ে আৰক্ষী বিভাগক ঢাল হিচাপে থিয় দি কয় যে একাংশ আৰক্ষীৰ ভুলৰ বাবে সমগ্ৰ বিভাগটোক লক্ষ্য কৰি লোৱাটো অনুচিত। কৰ্ণাটকত অপৰাধৰ হাৰ অন্য ৰাজ্যতকৈ কম আৰু আৰক্ষী সক্ৰিয় হৈ থকাৰ বাবেই সমাজত শান্তি বিৰাজ কৰিছে। অৱশ্যে অপৰাধমূলক কাৰ্যত জড়িত আৰক্ষী বিষয়াৰ বিৰুদ্ধে বৰ্খাস্তৰ পৰামৰ্শও দিয়া হৈছে বুলি তেওঁ সংসদত স্পষ্ট কৰি দিয়ে।
