নিজৰ প্ৰডাক্ট অফেন্সিভ ষ্ট্ৰেটেজি(আগ্ৰাসী কৌশল) আৰু বিশেষ ফেষ্টিভ অফাৰ ঘোষণা কৰাৰ পিছত স্কোডা অটো ইণ্ডিয়াই সমগ্ৰ ভাৰততে ২৫০টা গ্ৰাহকৰ টাচপইণ্টলৈ নিজৰ নেটৱৰ্ক সম্প্ৰসাৰণৰ মাইলৰ খুঁটি অৰ্জন কৰিছে। প্ৰতিষ্ঠানটোৰ ভলিউম ড্ৰাইভিং বাহন – কুছাক এছইউভি আৰু শ্লাভিয়া চেডানে ভাৰতত স্কোডা ব্ৰেণ্ডৰ বিকাশত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে। ইয়াৰ সমান্তৰালভাৱে গ্ৰাহক-কেন্দ্ৰিকতাৰ ওপৰত তীক্ষ্ণ নজৰ ৰাখিছে, যাতে নেটৱৰ্ক সম্প্ৰসাৰণে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে।
কৰ্ণাটকৰ গুলবাৰ্গত নতুন বিক্ৰী আউটলেট মুকলি কৰি স্কোডা অটো ইণ্ডিয়াই ২৫০ সংখ্যক গ্ৰাহকৰ টাচপইণ্টত উপনীত হৈছে। প্ৰতিষ্ঠানটোৱে ২০২৪ চনৰ ভিতৰত ৩৫০টা কাষ্টমাৰ টাচপইণ্টত উপনীত হোৱাৰ লক্ষ্য ৰাখিছে। ২০১৮ চনত আৰম্ভ হোৱা ইণ্ডিয়া ২.০ প্ৰকল্পই ভাৰতৰ বাবে নিৰ্মিত এমকিউবি-এ০-আইএন প্লেটফৰ্ম, আগশাৰীৰ ৱাৰেণ্টী, কম মালিকীস্বত্বৰ ব্যয় আৰু সমগ্ৰ ভাৰততে সেৱাৰ প্ৰসাৰ তথা সম্প্ৰসাৰণৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে।
কোম্পানীটোৰ কুশাকখন ৰাইট হেণ্ড ড্ৰাইভ(সোঁফালে চালকৰ আসন) থকা অন্যান্য জিচিচি দেশলৈও ৰপ্তানি কৰে। এই সাফল্যৰ বিষয়ে ভাষণ প্ৰদান কৰি স্কোডা অটো ইণ্ডিয়াৰ ব্ৰেণ্ড ডাইৰেক্টৰ পেট্ৰ ছ’লকে কয় যে, “স্কোডা পৰিয়ালত অধিক গ্ৰাহকক আদৰণি জনোৱাৰ বাবে এয়া আমাৰ প্ৰয়াস, যাতে বজাৰৰ আটাইতকৈ নিৰাপদ গাড়ী প্ৰদান কৰিব পৰা যায়।”
