স্কোডা অটো ইণ্ডিয়াই পৰৱৰ্তী পৰ্যায়ৰ সম্প্ৰসাৰণৰ বাবে আঁকোৱালি লৈছে ডিজিটেলাইজেশ্যনক

390

অট’ম’টিভ উদ্যোগত নতুন যুগৰ আৰম্ভণি ঘটাই স্কোডা অটো ইণ্ডিয়াই মুকলি কৰিছে নতুন কমপেক্ট এছ ইউ ভি বাহন । স্কোডা অটো ইণ্ডিয়াই ৩৬০ ডিগ্ৰী ডিজিটেল কাৰ্য-কলাপ শৃংখলাৰ জৰিয়তে ব্যৱহাৰকাৰীৰ সংযোগ বৃদ্ধিৰে গ্ৰাহকক পোনপটীয়াকৈ জড়িত কৰি ডিজিটেলাইজেশ্যনক নতুন মাত্ৰা প্ৰদান কৰি সফলতাৰে নেভিগেট কৰি তুলিছে, যাৰ ফলত উল্লেখযোগ্য বিক্ৰী আৰু গ্ৰাহক আৰু অনুৰাগীৰ সংযোগ বৃদ্ধি কৰিবলৈ সক্ষম হৈছে।

স্কোডা অটো ইণ্ডিয়াৰ অভিযান, “নেম য়ৰ স্কোডা”ই ২০২৫ত মুকলি হ’বলগীয়া সংপৃক্ত এছইউভিখন বাছনি কৰিবলৈ ব্যৱহাৰকাৰী, গ্ৰাহক আৰু অনুৰাগীসকলক জড়িত কৰিছিল। এই অভিযানৰ অধীনত ১,৫০,০০০ৰো অধিক নাম জমা দিয়া হৈছে, য’ত ২১,০০০ৰো অধিক অনন্য আছে। এই অভিযানে স্কোডাৰ পৰম্পৰাক অনুসৰণ কৰি সম্পূৰ্ণ আভ্যন্তৰীণ দহন এছইউভিৰ নাম এটা ‘কে’ আৰু ‘কিউ’ আৰু ইয়াৰ পিছত এটা বা দুটা চিলেবলেৰে ৰখা হৈছে। স্কোডা অটো ইণ্ডিয়াই ভাৰতত নিজৰ যুগান্তকাৰী মুহূৰ্ত উদযাপন কৰি ২০২৪ৰ ২৪ মাৰ্চত ২৪ ঘণ্টীয়া ডিজিটেল প্ৰচাৰ মুকলি কৰিছিল, য’ত ২৪ ঘণ্টাৰ ভিতৰত ৭০৯খন গাড়ী বুকিং কৰা হৈছিল। যাৰ ফলত গ্ৰাহকসকলে ব্ৰেণ্ডটোৰ সৈতে সংযোগ স্থাপন কৰিবলৈ আৰু ৫ তাৰকাযুক্ত নিৰাপদ গাড়ীসমূহ প্ৰাপ্ত কৰিবলৈ সক্ষম হৈছিল।

সমান্তৰালভাৱে এনএফটিৰ দ্বাৰা পৰিচালিত ডিজিটেল সম্প্ৰদায় স্কোডা গিয়াৰহেডছ মুকলি কৰা হৈছে আৰু সমগ্ৰ ভাৰতৰ শ্ব’ৰুমসমূহ সম্পূৰ্ণৰূপে ডিজিটেলাইজ কৰা হৈছে। এই বিষয়ে স্কোডা অটো ইণ্ডিয়াৰ ব্ৰেণ্ড সঞ্চালক পেট্ৰ জেনেবাই কয় যে, “আমি এই বিশাল আৰু বৈচিত্ৰ্যময় বজাৰত গ্ৰাহকসকলৰ প্ৰয়োজন আৰু আকাংক্ষা পূৰণ কৰিবলৈ অধিক গ্ৰাহকক সামৰি শেহতীয়া সুবিধাসমুহ সন্নিৱিষ্ট কৰি প্ৰতিনিয়ত ভাৰতীয় গ্ৰাহকৰ সৈতে খাপ খুৱাই নতুন ৰূপত বিকশিত কৰা হৈছে।”