স্কোডা অটো ইণ্ডিয়াই বহুপ্ৰশংসিত চেডান এডিছনৰ অনন্য পুনৰাবৃত্তি কৰি শ্লাভিয়া ষ্টাইল এডিচন মুকলিৰ জৰিয়তে উল্লেখযোগ্য মাইলৰ খুঁটি উদযাপন কৰিছে। বিচক্ষণ ভাৰতীয় বজাৰৰ বাবে বিশেষভাৱে প্ৰস্তুত এই এক্সক্লুছিভ ভেৰিয়েণ্টে ব্ৰেণ্ডটোৰ গ্ৰাহকসকলক অনন্য অভিজ্ঞতা প্ৰদান কৰাৰ প্ৰতিশ্ৰুতি আকৌ এবাৰ প্ৰমাণ কৰিলে। বজাৰত মাত্ৰ ৫০০ ইউনিটহে উপলব্ধ এই শ্লাভিয়া ষ্টাইল এডিচনে সৌন্দৰ্য আৰু পৰিৱেশনৰ অপূৰ্ব সংমিশ্ৰণৰ প্ৰতিশ্ৰুতি দিছে, যিয়ে অনুৰাগীৰ নিৰ্বাচিত গোটক সেৱা আগবঢ়ায়।স্কোডা অটো ইণ্ডিয়াৰ ব্ৰেণ্ড ডাইৰেক্টৰ পেট্ৰ জানেবাই কোম্পানীটোৰ গ্ৰাহক-কেন্দ্ৰিক দৃষ্টিভংগীৰ বিষয়ে গুৰুত্ব আৰোপ কৰি কয় যে, “শ্লাভিয়া ষ্টাইল সংস্কৰণে আমাৰ গ্ৰাহকসকলৰ অনন্য পছন্দসমূহ পূৰণ কৰাৰ বাবে ব্যতিক্ৰমী মূল্য প্ৰদান কৰি সেৱা আগবঢ়োৱাৰ বাবে প্ৰতিনিয়ত আমাৰ সমৰ্পণক উপস্থাপন-পৰিৱেশন কৰে। সমগ্ৰ ভাৰতত আমাৰ ২০০তকৈও অধিক বিক্ৰী স্পৰ্শবিন্দু(চেল টাচ্চপইণ্ট)ৰ বিস্তৃত নেটৱৰ্কত উপলব্ধ এই সীমিত সংস্কৰণৰ মডেলটোৱে স্কোডাৰ উৎকৃষ্টতাৰ অন্বেষণকে সূচায়।”
স্কোডা শ্লাভিয়াৰ সুন্দৰ ডিজাইন আৰু প্ৰিমিয়াম বৈশিষ্ট্যসমূহে আনৰ পৰা পৃথক কৰি তুলিছে। নিজৰ শেহতীয়া ষ্টাইল এডিচন শ্লাভিয়া চেডানক শীৰ্ষ স্তৰৰ ষ্টাইল ভেৰিয়েণ্টৰ ওপৰত ভিত্তি কৰি তৈয়াৰ কৰা হৈছে। ৭ স্পীড ডিএছজি অটোমেটিক গিয়েৰবক্সৰ সৈতে সংযোগ কৰি ১.৫ টিএছআই ইঞ্জিনৰ সৈতে সজ্জিত এই একচেটিয়া মডেলটোৱে এক গতিশীল ড্ৰাইভিং অভিজ্ঞতা নিশ্চিত কৰে। কেণ্ডি হোৱাইট, ব্রিলিয়েণ্ট ছিলভাৰ আৰু টৰ্নেডো ৰেড ৰঙত উপলব্ধ এই বাহন। স্লাভিয়া ষ্টাইল এডিচনে আড়ম্বৰপূৰ্ণ নান্দনিকতা আৰু বিতংভাৱে নিখুঁত মনোযোগেৰে সজাই তোলা সুবিধাসমূহৰ বাবে সকলোকে আকৰ্ষণ কৰিব।বিলাসিতা আৰু উদ্ভাৱনৰ বাবে এক নতুন মানদণ্ড নিৰ্ধাৰণ কৰি ষ্টাইল এডিছনত ডুৱেল ডেছ কেমেৰা আৰু এক মসৃণ ব্লেক ৰুফ ফইলসহ বিভিন্ন বৰ্ধিতকৰণ সুবিধা প্ৰদান কৰা হৈছে। বিশেষভাৱে ‘এডিছন’ বেজিং আৰু একচেটিয়া আভ্যন্তৰীণ সুবিধাসহিতে সীমিত সংস্কৰণৰ আৰ্হিৰ প্ৰতিটো দিশতে সুন্দৰতা আৰু স্বকীয়তা আগবঢ়াইছে।
বৰ্তমান সময়ত সুৰক্ষা এক সৰ্বাধিক বিবেচনা হৈ আহিছে, সেয়েহে শ্লাভিয়া ষ্টাইল সংস্কৰণে পূৰ্বৰ আঁসোৱাহসমূহ নোহোৱা কৰি উৎকৃষ্টতাৰ পৰম্পৰা অব্যাহত ৰাখিছে। বাহনখনে ৬টা এয়াৰবেগ আৰু গ্লোবেল এনচিএপিৰ কঠোৰ পৰীক্ষণ প্ৰট’কলৰ অধীনত ৫-ষ্টাৰ সুৰক্ষা ৰেটিং লাভ কৰিছে, ইয়াৰ লগতে এই চেডানখনে স্থানীয় লোকসকলৰ কল্যাণক অগ্ৰাধিকাৰ দিয়ে।এমকিউবি-এ০-আইএন প্লেটফৰ্মত প্ৰস্তুত কৰা শ্লাভিয়া চেডানে ভাৰতীয় বজাৰৰ অনুকূলে বাহন নিৰ্মাণৰ প্ৰতি স্কোডাৰ সমৰ্পণ পুনৰ এবাৰ প্ৰমাণ কৰিলে। স্থানীয়কৰণক সৰ্বাধিক অগ্ৰাধিকাৰ দি ৮ বছৰ বা ১৫০,০০০ কিলোমিটাৰ পৰ্যন্ত কভাৰেজৰ বিকল্প সুবিধাসহ এক বিস্তৃত ৱাৰেণ্টী পেকেজ আগবঢ়াইছে, লগতে শ্লাভিয়া ষ্টাইল এডিচনে মানসিক শান্তি আৰু অতুলনীয় মালিকীস্বত্বৰো সূচনা কৰিছে।প্ৰাৰম্ভিক মূল্য ১৯,১৩,৪০০ টকাত আগবঢ়োৱা শ্লাভিয়া ষ্টাইল এডিচনে বিলাসী চেডানৰ বাবে এক নতুন বেঞ্চমাৰ্ক স্থাপন কৰিছে, যিয়ে ভাৰতত অটোমোটিভ খণ্ডৰ উৎকৃষ্টতাক পুনৰ সংজ্ঞায়িত কৰিছে।