স্কোডাই শ্লাভিয়া মণ্টে কাৰ্লো বাহন আগতীয়াকৈ বুকিং কৰাসকলৰ বাবে আগবঢ়াইছে বিশেষ অফাৰ

141

স্কোডা অটো ইণ্ডিয়াই ভাৰতীয় বাহন সূচীত নতুন মানদণ্ড স্থাপন কৰি সম্পূৰ্ণ নতুন শ্লাভিয়া মণ্টে কাৰ্লো সংস্কৰণ গ্ৰাহকৰ বাবে আনুষ্ঠানিকভাৱে মুকলি কৰিছে। এই শুভাৰম্ভণি উদযাপন কৰিবলৈ প্ৰতিষ্ঠানটোৱে শ্লাভিয়া মণ্টে কাৰ্লো আৰু কুশ্বাক আৰু শ্লাভিয়াৰ নতুন স্প’ৰ্টলাইন ভেৰিয়েণ্টত প্ৰথম ৫,০০০গৰাকীক বুকিঙৰ সময়ত ৩০,০০০ টকাকৈ অফাৰ আগবঢ়াইছে। এই সীমিত সময়ৰ অফাৰ ২০২৪ চনৰ ৬ ছেপ্টেম্বৰলৈকেহে উপলব্ধ। স্কোডা অটো ইণ্ডিয়াৰ ব্ৰেণ্ড ডাইৰেক্টৰ পেট্ৰ জেনেবাই মণ্টে কাৰ্লো এডিছনৰ তাৎপৰ্যৰ ওপৰত গুৰুত্ব আৰোপ কৰি কয় যে, “মণ্টে কাৰ্লো বেজে আমাৰ ১১২ বছৰীয়া সমৃদ্ধ উত্তৰাধিকাৰ উদযাপন কৰি ক্ৰীড়া আৰু জয়ৰ ইংগিত প্ৰদৰ্শন কৰিছে। আমি এই বিশেষ সংস্কৰণ আৰু স্প’ৰ্টলাইন ট্ৰিমৰ জৰিয়তে ভাৰতত স্কোডা ব্ৰেণ্ডৰ উপস্থিতি বৃদ্ধি কৰাৰ লক্ষ্য ৰাখিছো, যিয়ে অধিক সুলভ মূল্যত স্প’ৰ্টী লুক প্ৰদান কৰে।”

শ্লাভিয়া মণ্টে কাৰ্লোত কৃষ্ণৰঙী ছাদ, একচেটিয়া এলয় হুইল আৰু স্প’ৰ্ট-থিমযুক্ত ইণ্টেৰিয়ৰৰ সৈতে আকৰ্শণীয় ডিজাইন দিয়া হৈছে। ইয়াত ১.০ টিএছআই আৰু ১.৫ টিএছআই ইঞ্জিন সন্নিৱিষ্ট কৰা হৈছে। স্প’ৰ্টলাইন ট্ৰিমসমূহে কুশ্বাক আৰু শ্লাভিয়া মডেলসমূহত একেধৰণৰ স্প’ৰ্টী নান্দনিকতা আগবঢ়াইছে, যিয়ে প্ৰদান কৰে বৰ্ধিত পছন্দ আৰু মূল্য।

স্কোডাৰ শেহতীয়া অফাৰসমূহে গুৱাহাটীৰ লগতে সমগ্ৰ অসমত গুৰুত্বপূৰ্ণ মনোযোগ আকৰ্ষণ কৰিব বুলি আশা কৰা হৈছে। মণ্টে কাৰ্লোৰ স্বকীয় ষ্টাইল আৰু স্প’ৰ্টলাইনৰ স্প’ৰ্টি বৰ্ধনে গতিশীল অট’ম’টিভ বজাৰৰ সৈতে সঠিকভাৱে সংৰেখিত হয়, যাৰ ফলত অঞ্চলটোত স্কোডা বজাৰৰ অংশ আৰু গ্ৰাহকৰ ভিত্তিত অধিক সৃষ্টি কৰাৰ সম্ভাৱনা আছে।