ফেণ্টাচি স্প’ৰ্টছত সুযোগতকৈ দক্ষতা অধিক গুৰুত্বপূৰ্ণ, শেহতীয়া অধ্যয়নত প্ৰকাশ

154

ভাৰতীয় ব্যৱস্থাপনা প্ৰতিষ্ঠান বেংগালুৰু (আই আই এম বি) আৰু এছ পি জৈন ইনষ্টিটিউট অৱ মেনেজমেণ্ট এণ্ড ৰিচাৰ্ছৰ শেহতীয়া যুগান্তকাৰী প্ৰতিবেদনত ফেণ্টাচি ক্ৰীড়া প্ৰতিযোগিতাসমূহত সুযোগতকৈ দক্ষতাই প্ৰধান ভূমিকা পালনৰ কথা স্পষ্ট ৰূপত প্ৰকাশ পাইছে। “নীতি নিৰ্ধাৰণৰ বাবে ডিচিছন ছাপৰ্ট চিষ্টেম: দৈনিক ফেণ্টাচি খেলসমূহ(ডিএফএছ)ত দক্ষতা আৰু সুযোগৰ পৰিমাপকৰণ ” শীৰ্ষক এই যুটীয়া অধ্যয়নে ব্যৱহাৰকাৰীৰ দক্ষতা অবিশ্বাস্য সুযোগতকৈ সফলতাৰ এক অধিক গুৰুত্বপূৰ্ণ নিৰ্ধাৰক বুলি উদাহৰণসহ দাঙি ধৰিছে।

অধ্যাপক ইউ দিনেশ কুমাৰৰ নেতৃত্বত ৰূপায়িত কৰা এই গৱেষণাই অভিজ্ঞতা, পূৰ্বৰ প্ৰদৰ্শন আৰু শেহতীয়াকৈ এজন খেলুৱৈৰ সফলতাৰ ওপৰত অংশগ্ৰহণৰ যথেষ্ট প্ৰভাৱৰ ওপৰত আলোকপাত কৰিছে। মুঠ ২,৯৫১খন মেচ আৰু ১,৬০,০০০খন প্ৰতিযোগিতাৰ তথ্য বিশ্লেষণৰ অন্তত এই অধ্যয়নে লাভ কৰিছিল যে এক স্থিৰ ট্ৰেক ৰেকৰ্ড থকা অভিজ্ঞ খেলুৱৈসকলে যথেষ্ট ভাল প্ৰদৰ্শন কৰে। লক্ষণীয়ভাৱে, শেহতীয়া খেলসমূহত অংশগ্ৰহণো অধিক জয়ৰ সৈতে ইতিবাচকভাৱে সম্পৰ্কিত, যিয়ে চলমান ব্যস্ততাৰ মূল্য কঢ়িয়াই আনে।

অধ্যাপক ইউ দিনেশ কুমাৰ জোৰ দি কয় যে, “এই গৱেষণাই নীতি নিৰ্ধাৰকসকলক খেলৰ মাজত দক্ষতা আৰু সুযোগৰ বস্তুনিষ্ঠভাৱে বিভাজিত কৰিবলৈ এক পৰিকাঠামো প্ৰদান কৰে। ক্ৰমশঃ বিকাশশীল অনলাইন গেমিং খণ্ডত ন্যায্য নিয়ম প্ৰণয়নৰ বাবে এনে তথ্য-চালিত পদ্ধতি অতিশয় গুৰুত্বপূৰ্ণ।” এই অধ্যয়নৰ ফলাফলে অসমৰ স্থানীয় গেমিং নিয়মাৱলী আৰু উদ্যোগৰ পদ্ধতিক প্ৰভাৱিত কৰিব পাৰে। যিহেতু ফেণ্টাচি স্পৰ্টৰ্ছে অঞ্চলটোত ইতিমধ্যে জনপ্ৰিয় হৈ উঠিছে, সেয়েহে এই গেমবোৰৰ দক্ষতা-আধাৰিত ৰূপসমূহ বুজি পোৱাৰ লগতে অনুভৱ কৰাৰ ফলত অধিক সঠিকভাৱে নীতিগত সিদ্ধান্ত আৰু বৈধ গেমিং উদ্যোগৰ জনপ্ৰিয়তা আৰু অধিক বৃদ্ধি হ’ব পাৰে।