কেন্দ্ৰীয় সাংস্কৃতিক মন্ত্ৰালয়ৰ অধীনত মিডিয়া এণ্ড এণ্টাৰটেইনমেণ্ট স্কিলছ কাউন্সিলে (এমইএছচি) নেচনেল আৰ্কাইভ অৱ ইণ্ডিয়া(এনএআই)ৰ সহযোগত নতুন দিল্লীৰ য়ুথ ৱ’মেন খ্ৰীষ্টান সংস্থা(ৱাইডব্লিউচিএ)ত এনএছকিউএফ-এলাইন আৰ্কাইভেল কনজাৰ্ভেটৰ কাৰ্যসূচী আৰম্ভ কৰিছে। এই কাৰ্যসূচীয়ে ১০০০গৰাকী প্ৰাৰ্থীক প্ৰয়োজনীয় জ্ঞান, দক্ষতা আৰু কাৰিকৰী দক্ষতাৰ সৈতে পুৰণি আৰু ক্ষতিগ্ৰস্ত নথি পুনৰুদ্ধাৰ কৰাৰ বাবে সুবিধা প্ৰদান কৰিব যাতে ৰেকৰ্ড(তথ্য)বোৰ ডিজিটাইজেচন কৰিবলৈ সক্ষম হয়।
দক্ষতা বিকাশ আৰু উদ্যমিতা মন্ত্ৰালয়ৰ সচিব অতুল কুমাৰ তিৱাৰীয়ে মুখ্য অতিথি ৰূপে উপস্থিত থাকি সৌষ্ঠৱ বৃদ্ধি কৰে। এই অনুষ্ঠানত এনএআইৰ সঞ্চালক প্ৰধান অৰুণ সিংঘল; এনএআইৰ উপ সঞ্চালক ড০ সঞ্জয় গাৰ্গ আৰু এমইএছচিৰ চিইঅ’ মোহিত ছোনীও বিশিষ্ট ব্যক্তি হিচাপে উপস্থিত থাকে। এই উপলক্ষে ভাষণ প্ৰদান কৰি এমএছডিইৰ সচিব অতুল কুমাৰ তিৱাৰীয়ে কয় যে, আমি দক্ষতা বিকাশৰ বাবে সীমাহীন সুযোগৰ চেম্পিয়ন ৰূপে খ্যাতি অৰ্জনৰ সময়তে আমি কঠোৰ মানদণ্ড আৰু মূল্যায়ন বজাই ৰখাৰ প্ৰতিশ্ৰুতিত অটল হৈ আছো, যাতে উৎকৃষ্টতাৰ জৰিয়তে আমাৰ দেশৰ উন্নতিৰ দৃষ্টিভংগীৰ সৈতে অনুৰণিত হয়।
বিশেষ কৰ্মশালা, ৯০ ঘণ্টীয়া মডিউল আৰু হাতে-কামে কৰা অভিজ্ঞতা অন্তৰ্ভুক্ত এই প্ৰশিক্ষণ কাৰ্যসূচীৰ লক্ষ্য হৈছে পুনৰুদ্ধাৰ প্ৰযুক্তি, আৰ্কাইভৰ উত্তম পদ্ধতি, মেটাডাটা ব্যৱস্থাপনা আৰু ডিজিটেল সংৰক্ষণ কৌশল(প্ৰিজাৰভেচন ষ্ট্ৰেটেজী)ৰ ক্ষেত্ৰত অংশগ্ৰহণকাৰীসকলৰ দক্ষতা বৃদ্ধি কৰা। ইয়াৰ লগতে এনএআইত সংৰক্ষিত ২.২৫ কোটি তথ্যৰ মেৰামতি আৰু পুনৰ ব্যৱস্থা(ৰিপেয়াৰ এণ্ড ৰিহেবিলিটেচন) কৰাত সহায় কৰিব, লগতে গুৰুত্বপূৰ্ণ লেনদেন আৰু সৰ্বাংগীনতাক প্ৰসাৰিত কৰি দুবছৰৰ ভিতৰত ব্যাপক সংৰক্ষণ সুনিশ্চিত কৰিব।