স্কিল ইমপেক্ট বণ্ডে ২৯,০০০তকৈও অধিক প্ৰথম বাৰৰ চাকৰি প্ৰাৰ্থীক প্ৰশিক্ষণ

68

ৰাষ্ট্ৰীয় দক্ষতা বিকাশ নিগম(এনএছডিচি)-এ  ২০২১ চনত আৰম্ভ কৰা স্কিল ইম্পেক্ট বণ্ডে দেশৰ ২৪খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ ১৮টা খণ্ডৰ নিম্ন আয়ৰ পৰিয়ালৰ ২৯,০০০তকৈও অধিক চাকৰি প্ৰাৰ্থীক প্ৰথমবাৰলৈ সফলতাৰে প্ৰশিক্ষণ প্ৰদান কৰিছে, ইয়াৰে ৭৩% লোকে প্ৰশিক্ষণৰ অন্তত কৰ্মসংস্থাপন লাভ কৰি চাকৰিত যোগদান কৰিছে। এই পদক্ষেপৰ লক্ষ্য হৈছে দক্ষতা আৰু নিয়োগৰ মাজৰ ব্যৱধান দূৰ কৰি ৫০,০০০ ভাৰতীয় যুৱক-যুৱতীক সাজু কৰি তোলা, এই পৰিসংখ্যাত মহিলাৰ মাজত ৬০% প্ৰসাৰ লাভ কৰিছে। স্কিল ইমপেক্ট বণ্ডৰ এটা প্ৰধান বৈশিষ্ট্য হৈছে শক্তিশালী লিংগ-প্ৰতিক্ৰিয়াশীল পদ্ধতি।

এই পৰিসংখ্যাৰ প্ৰায় ৭৪% প্ৰশিক্ষাৰ্থীয়েই হৈছে দৰিদ্ৰ সীমাৰেখাৰ বাবে কম আয়ৰ পটভূমিৰ মহিলা, বহুতৰে শিক্ষাগত অৰ্হতাও কম আৰু অধিকাংশ লোকৰ পূৰ্বৰ কৰ্ম অভিজ্ঞতা নাই, এই পদক্ষেপে মহিলাসকলক সফলতাৰে কৰ্মশক্তিত নিয়োজিত আৰু ধৰি ৰাখিবলৈ প্ৰয়াস কৰিছে।

দক্ষতা বিকাশ আৰু উদ্যমিতা মন্ত্ৰালয়ৰ সচিব অতুল কুমাৰ তিৱাৰীয়ে এই বিষয়ে নিজৰ মন্তব্য প্ৰকাশ কৰি কয় যে, “যেতিয়া চিন্তাশীল মনবোৰে একেলগে ইতিবাচক দিশত সহযোগিতা কৰে, তেনে ক্ষেত্ৰত এয়া বিনিয়োগ নহয়; আমি এক সম্প্ৰদায় বা এখন সমাজ গঢ়ি তুলিছোঁ।” এই বিষয়ে নিজৰ অভিমত প্ৰকাশ কৰি এনএছডিচি ইণ্টাৰনেচনেলৰ এনএছডিচি, এমডি তথা চিঅ’অ’ (অফিচিয়েটিং চিইঅ’) বেদমণি তিৱাৰীয়ে কয় যে, “স্কিল ইমপেক্ট বণ্ডে ৬০% ৰিটেনচন ৰেটৰ সৈতে ২৪খন ৰাজ্য আৰু ১৮টা খণ্ডত ২৯,০০০ লোকৰ জীৱনলৈ কাষ চাপি ইতিবাচক পৰিৱৰ্তন আনিবলৈ সক্ষম হৈছে। এখোজ আগুৱাই নিয়োগযোগ্যতা, নিযুক্তি, আয় বৃদ্ধি আৰু উদ্যমিতাৰ ওপৰত গুৰুত্ব দিয়া হয়।”