পবিত্ৰ ৰমজান মাহত ছিৰিয়াত লাটাকিয়া চহৰত আছাদ সমৰ্থক আৰু এইচটিএছ যোদ্ধাৰ মাজত ভয়ংকৰ সংঘাতৰ সৃষ্টি হয়। য’ত প্ৰাণ হেৰুৱাইছে প্ৰায় ৭০ জন লোকে । আক্ৰমণৰ সময়ত ব্যৱহাৰ কৰা হৈছিল ৰকেট লঞ্চাৰ ।

এই ঘটনা যেন এতিয়া ছিৰিয়াত ক্ৰমাৎ বৃদ্ধি পোৱা অশান্তিৰ লক্ষণকে আঙুলিয়াইছে। ইফালে ছিৰিয়াৰ সীমান্তত প্ৰৱেশ কৰিছে তুৰ্কী সেনাই।

আনহাতে ট্ৰাম্পে গাজা আৰু ইউক্ৰেইনত শান্তিৰ প্ৰচেষ্টাত অব্যাহত ৰখাৰ বিপৰীতে ছিৰিয়াত বৃদ্ধি পাইছে যুদ্ধৰ আশংকা।

এতিয়া এনে হিংসাত্মক পৰিস্থিতিৰ পিছত ছিৰিয়া লাহে লাহে অশান্তিৰ দিশে আগবাঢ়িছে ।
