শিল্পী দিৱসৰ লগত সংগতি ৰাখি পশ্চিম গুৱাহাটী বিধানসভা সমষ্টিৰ বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাৰ নিৰ্দেশত অগপৰ মধ্য গুৱাহাটী যুৱ পৰিষদৰ উদ্যোগত বিশিষ্ট কণ্ঠশিল্পী , চিত্ৰশিল্পী, সমাজসেৱক ৰঞ্জন বড়োক আজি তেওঁৰ বাসগৃহত সম্বৰ্ধনা জনোৱা হয় ।
আনহাতে অগপৰ মধ্য গুৱাহাটী বিধান পৰিষদৰ সম্পাদক ভূপেন ঠাকুৰীয়া , গুৱাহাটী পৌৰ নিগমৰ ১২নং ৱাৰ্ডৰ পাৰিষদ দীপাংকৰ বৈশ্য আৰু অসম যুৱ পৰিষদৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক তথা মধ্য গুৱাহাটী যুৱ পৰিষদৰ সভাপতি সুশান্ত দেৱ চৌধুৰীৰ নেতৃত্বত যোৱা সজাতি দলটোৱে ৰঞ্জন বড়োক জাপি , গামোচা, শৰাই আদিৰে সম্বৰ্ধনা জ্ঞাপন কৰাৰ লগতে ভোগালী বিহুৰ ওলগ জনায়।
সজাতি দলটোত মধ্য গুৱাহাটী যুৱ পৰিষদৰ সম্পাদক ইন্দ্ৰজিৎ গোস্বামী,উপ সভাপতি ক্ৰমে- সুনীল দাস, ভাৰ্গৱ শৰ্মা, সহকাৰী সম্পাদক ক্ৰমে – জাবেদ আলী, দিবাকৰ ৰাজবংশী,ৰাজেশ চক্ৰৱৰ্তী আৰু শংকৰ দত্ত উপস্থিত আছিল ।