যুদ্ধ বিৰতি ঘোষণা কৰিলেও পাকিস্তানৰে ইতিপূৰ্বে বাতিল হোৱা সিন্ধু চুক্তি পুনৰ কাৰ্যকৰী কৰা নহয়। ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰণালয়ে মঙলবাৰে ঘোষণা কৰিছে,সিন্ধু চুক্তি স্থগিত হৈয়ে থাকিব। বৈদেশিক পৰিক্ৰমা মন্ত্ৰণালয়ৰ মুখপাত্ৰ ৰণধীৰ জয়ছৱালে কয় যে, পাকিস্তানে সীমা অতিক্ৰম কৰি সন্ত্ৰাসবাদৰ সমৰ্থন বন্ধ নকৰালৈকে সিন্ধু চুক্তি স্থগিত ৰখা হ’ব। জয়ছৱালে এক শক্তিশালী বাৰ্তা দি কয় যে, “পাকিস্তানে সীমা অতিক্ৰম কৰি সন্ত্ৰাসবাদক সমৰ্থন কৰা বন্ধ নকৰালৈকে ভাৰতে এই চুক্তিখন স্থগিত ৰাখিব।” ২৩ এপ্ৰিলত নিৰাপত্তা সম্পৰ্কীয় কেবিনেট কমিটীয়ে এই সিদ্ধান্ত গ্ৰহণ কৰিছিল।
