নগাওঁ জিলাৰ শিলঘাটত নিৰ্মাণ হ’ব ‘লাইট হাউচ’ ঘাট । কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ এই ঘোষণাৰ পিছতে উৎফুল্লিত হৈ পৰে শিলঘাটবাসী। ১৯৩৫ চনত বিট্ৰিছ চৰকাৰে ৰেভিনিউ টাউন হিচাপে ঘোষণা কৰিছিল শিলঘাটক।১৮৬৭ চনত ব্ৰিটিছৰ শাসনকালতে জাহাজ চলাচল আৰম্ভ হৈছিল শিলঘাট ত । শিলঘাটৰ পৰাই আমদানি-ৰপ্তানি কৰা হৈছিল মধ্য অসমৰ চাহপাত, মৰাপাটকে ধৰি বিভিন্ন সা-সামগ্ৰী । স্বাধীনতাৰ পাচত উত্তৰ অসমৰ লগত ফেৰী সেৱাৰে যোগাযোগ অব্যাহত আছিল এই জাহাজঘাটটোৰ জৰিয়তে ।পৰৱৰ্তী সময়ত কলীয়াভোমোৰা দলঙ যাতায়তৰ বাবে মুকলি কৰাৰ পাচত বন্ধ কৰি দিয়া হয় এই ঘাটটো। আজি কিছু বছৰৰ পূৰ্বে কেন্দ্ৰীয় চৰকাৰৰ আন্তঃদেশীয় জলপথ পৰিবহন প্ৰাধিকৰণে শিলঘাটত জাহাজঘাট নিৰ্মাণৰ যোজা চলাইছিল, পিছে প্ৰবল গড়াখহনিয়াত ব্ৰহ্মপুত্ৰৰ বুকুত জাহ যায় ঘাটটো ।এতিয়া কেৱল কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দৰ্শনৰ বাবে নদীপথৰে অহা পৰ্যটকৰ জাহাজ সমূহেহে লঙৰ পেলাই এই অস্থায়ী ঘাটটোত । ব্ৰহ্মপুত্ৰৰ জলস্তৰ অতিকৈ হ্ৰাস পালে ঘাটটোত জাহাজ চপোৱাতো এক সমস্যাৰ সৃষ্টি হয় । শেহতীয়া ভাবে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোনোৱালে এক সংবাদ মেলযোগে উত্তৰ পূবৰ জল পৰিবহনত গুৰুত্ব প্ৰদান কৰা বুলি প্ৰকাশ কৰাৰ লগতে শিলঘাট জাহাজ ঘাটটি ‘ লাইট হাউচ’ হিচাবে নিৰ্মাণ কৰাৰ ঘোষণা কৰে । কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ এই ঘোষণাক আদৰণি জনোৱাৰ লগতে কলিয়াবৰবাসী উৎফুল্লিত হোৱা পৰিলক্ষিত হৈছে।
