একাদশ ৰাজস্থান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ (আৰআইএফ) ২০২৫ত ২০২৪ বৰ্ষত মুক্তিপ্ৰাপ্ত একচন-থ্ৰিলাৰ চলচ্চিত্ৰ চিকাৰ-এ শ্ৰেষ্ঠ আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ আৰু পৰিচালকৰ বঁটা লাভ কৰিবলৈ সক্ষম হৈছে। জুবিন গাৰ্গ (Zubeen Garg), উৰ্মিলা মহন্ত (Urmila Mahanta) আৰু আদিল (Adil Hussain) হুছেইন অভিনীত এই চিনেমাখনৰ আকৰ্ষণীয় কাহিনী আৰু বিশাল ৰূপত চলচ্চিত্ৰ ৰূপায়ণৰ বাবে উচ্চ প্ৰশংসিত হৈছে। দেবাংকৰ বৰগোহাঁইয়ে (Debangkar Borgohain) পৰিচালনা আৰু চেম ভট্টাচাৰ্য (Sam Bhattacharjee) তথা মিত্ৰা ভট্টাচাৰ্যই (Mitra Bhattacharya) প্ৰযোজনা কৰিছিল চিকাৰ চলচ্চিত্ৰখন। উল্লেখ্য যে, এইপৰ্যন্ত মুক্তিপ্ৰাপ্ত সৰ্বাধিক বাজেটৰ অসমীয়া চলচ্চিত্ৰ ৰূপে চমক সৃষ্টি কৰিছিল চিকাৰ চিনেমাখনে, যাৰ ফলত আঞ্চলিক চলচ্চিত্ৰ উদ্যোগে ক্ৰমশঃ আন্তঃৰাষ্ট্ৰীয় মঞ্চলৈ গতি কৰিছে। যোধপুৰৰ অনুষ্ঠিত এই মহোৎসৱত দেবাংকাৰ বৰগোহাঁইয়ে (Debangkar Borgohain) শ্ৰেষ্ঠ নিৰ্দেশনা আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰৰ বঁটাৰে বিভূষিত হয়, এই স্বীকৃতিয়ে অসম চলচ্চিত্ৰ জগতত স্থাপন কৰিলে নতুন মাইলৰ খুঁটি। বিশ্ব দৰবাৰত অসমবাসীক গৌৰৱান্বিত কৰি এই বঁটা গ্ৰহণ কৰিবলৈ উপস্থিত থাকে প্ৰযোজক চেম ভট্টাচাৰ্য (Sam Bhattacharjee) আৰু মিত্ৰ ভট্টাচাৰ্য (Mitra Bhattacharya) ।
কেৱল এয়াই নহয়, পেনোৰামা চলচ্চিত্ৰ মহোৎসৱৰ বাবেও নিৰ্বাচিত হৈছে চিকাৰ, যিয়ে ৰাষ্ট্ৰীয় সীমাৰ উৰ্ধ্বলৈ গৈ নিজৰ সুনাম আৰু অধিক শক্তিশালী কৰি তোলাৰ আশা কৰা হৈছে। ছবিখনৰ সফলতাৰ বিষয়ে নিজৰ অভিমত প্ৰকাশ কৰি প্ৰযোজক চেম ভট্টাচাৰ্যই (Sam Bhattacharjee) কয় যে, “চিকাৰ চিনেমাখনৰ অনন্য ৰূপৰ বাবেই বিভিন্ন স্থানত স্বীকৃতি হৈছে। ভৱিষ্যতে অসমৰ পৰা এনে শ্ৰেষ্ঠ চিনেমা প্ৰদৰ্শন হ’বলৈ এতিয়াও বাকী আছে।”বিভিন্ন সূত্ৰত প্ৰকাশিত তথ্য অনুসৰি বৰ্তমানৰ তাৰিখত চিনেমাখনৰ বাজেট ১৫ কোটি টকাৰো অধিক —যি পূৰ্বে প্ৰকাশিত ৩ কোটিৰ পৰিসংখ্যাতকৈ বহু বেছি। ভট্টাচাৰ্যয়ে স্পষ্ট কৰি দিয়ে যে ৩ কোটি টকাৰ পৰিসংখ্যাই ভাৰতত শ্বুটিঙৰ বাবে হোৱা ব্যয়হে সামৰি লৈছিল আৰু এয়া চলচ্চিত্ৰখনৰ সামগ্ৰিক বাজেট নাছিল। দৰাচলতে সামগ্ৰিক খৰচ আৰু বেছি হ’ব পাৰে আৰু এই পৰিসংখ্যাত এইপৰ্যন্ত হিচাপ কৰা সকলো খৰচ বাদ দিয়া হৈছে, কাৰণ এই চিনেমাখন ২০২৩ চনৰ পৰা লণ্ডনৰ চলচ্চিত্ৰ নিৰ্মাণ প্ৰতিষ্ঠান ইউনিকৰ্ন ম’চন পিকচাৰ্ছে খৰচ বহন কৰি আহিছে। এই বিশাল বিনিয়োগে চিকাৰৰ বৃহৎ পৰিসৰ আৰু অসমীয়া চিনেমাৰ বাবে এক যুগান্তকাৰী কৃতিত্ব হিচাপে পৰিগণিত হৈছে।
ভৱিষ্যতৰ দিনবোৰলৈ লক্ষ্য ৰাখিলে অসমীয়া চিনেমাৰ ভৱিষ্যৎ যথেষ্ট উজ্বল। দক্ষিণ ভাৰতীয় চিনেমাৰ সমানে সমানে ফেৰ মাৰিব পৰাকৈ সাজু হোৱাৰ লগতে প্ৰযোজক সকলে অভিনৱ প্ৰকল্প আৰু বিশ্বব্যাপী স্বীকৃতিৰ জয়যাত্ৰাৰ প্ৰতি আশাবাদী হৈ আছে। অভিলেখ সৃষ্টিকাৰী বাজেট, আন্তঃৰাষ্ট্ৰীয় প্ৰশংসা আৰু ভৱিষ্যদৰ্শী দৃষ্টিভংগীৰ সৈতে এক নতুন মানদণ্ড স্থাপন কৰি চিকাৰে অসমীয়া চলচ্চিত্ৰক ন ৰূপত ৰ্নিৰ্ধাৰণ কৰিছে আৰু ভৱিষ্যতৰ বাবে উচ্চাকাংক্ষী প্ৰকল্পৰ এক ঢৌ কঢ়িয়াই সকলোকে অনুপ্ৰাণিত কৰিছে।