পোহৰৰ ক্ষেত্ৰত বিশ্বৰ আগশাৰীৰ প্ৰতিষ্ঠান ছিগনিফাইয়ে (ইউৰোনেক্সট: লাইট) অসমৰ নদীদ্বীপ মাজুলীৰ ৪৩ খন গাঁও সৌৰ ষ্ট্ৰীট লাইটিঙেৰে আলোকিত কৰি স্থানীয় নাগৰিকৰ সুৰক্ষা বৃদ্ধি কৰিছে। ইভানজেলিকেল ছ’চিয়েল একচন ফ’ৰাম (ESAF)ৰ সৈতে অংশীদাৰিত্বৰে সম্পন্ন কৰা এই প্ৰকল্পটো কোম্পানীটোৰ ‘হৰ গাঁও ৰোশন CSR’ কাৰ্যসূচীৰ অংশ, যিয়ে বহনক্ষম গ্ৰাম্য উন্নয়নৰ ওপৰত গুৰুত্ব আৰোপ কৰে।
মাজুলী পৃথিৱীৰ অন্যতম বৃহৎ নদী দ্বীপ আৰু বিভিন্ন জনগোষ্ঠীৰ বাসস্থান। লগতে চহকী উদ্ভিদ আৰু প্ৰাণীৰ বাবেও প্ৰাকৃতিক বাসস্থান। কিন্তু বাৰিষাৰ সময়ত ব্ৰহ্মপুত্ৰ নদীৰ ওফন্দি উঠা পানীয়ে দ্বীপটোৰ আৱাসীৰ জীৱন স্তব্ধ কৰি তোলে, যাৰ ফলত মাজুলী দুৰ্গম আৰু মূল ভূখণ্ডৰ পৰা বিচ্ছিন্ন হৈ পৰে। সূৰ্যাস্তৰ পিছত নদীদ্বীপটো আন্ধাৰৰ ডাঠ আৱৰণে আগুৰি ধৰে, যাৰ ফলত যিকোনো অৰ্থনৈতিক কাৰ্যকলাপ কৰা বা পৰিচালনা কৰাটো অসুৰক্ষিত হৈ পৰে।
চিগনিফাই আৰু ESAF-এ সহযোগিতা কৰি ১০০টা সৌৰশক্তিচালিত ষ্ট্ৰীটলাইট স্থাপন কৰিছে আৰু পৰিয়ালসমূহক ২০০০ সৌৰ পৰ্টেবল লেম্প দান কৰিছে, ইয়াৰ ফলত নদীদ্বীপটোত বাস কৰা ৩২,০০০ৰো অধিক লোক উপকৃত হৈছে। মাজুলী সমষ্টিৰ সন্মানীয় বিধায়ক ভূবন গামে এই সন্দৰ্ভত কয়, “স্থানীয় জনসাধাৰণৰ সুৰক্ষা বৃদ্ধিৰ বাবে চিগনিফাইৰ এই প্ৰচেষ্টাক আমি শলাগ লৈছোঁ।”
