অৱশেষত বন্ধ হ’ল শিৱসাগৰৰ গেছ নিৰ্গমন। যোৱা দুসপ্তাহ ধৰি ONGC ৰ ৰীগৰ পৰা অহৰহ গেছ নিৰ্গমন হৈ আছিল। বহু প্ৰচেষ্টাৰ অন্তত আজি এই গেছ নিৰ্গমন বন্ধ হয়।প্ৰায় ২টা সপ্তাহ ধৰি (১২ জুন) শিৱসাগৰ জিলাৰ ভটিয়াপাৰত থকা আৰ ডি এছ ১৪৭ ৰীগৰ পৰা অহৰহ গেছ নিৰ্গমন হৈ আছিল। কিন্তু বহু চেষ্টাৰ অন্ততো ONGC য়ে গেছ নিৰ্গমন বন্ধ কৰিব পৰা নাছিল। যাৰ বাবে অঞ্চলটোৰ পৰা স্থানন্তৰ কৰা হৈছিল ৩০০ ৰো অধিক পৰিয়ালক।তিনিজনীয়া এই বিশেষজ্ঞ দলটোৱে গেছ নিৰ্গমন বন্ধ কৰাৰ দায়িত্ব লৈ দিনে নিশাই চেষ্টা চলাই যায়। অ’ এন জি চিৰ দাবী অনুসৰি অ’ এন জি চিয়ে গ্ৰহণ কৰা কৌশল আৰু পদক্ষেপত একমত হৈ বিশেষজ্ঞ দলটোৱে কাম আৰম্ভ কৰিছিল।
