SI কেলেংকাৰীৰ অভিযুক্ত পি কে দত্তৰ জামিন আবেদন খাৰিজ

60

ৰাজ্য কঁপোৱা এছ আই কেলেংকাৰীৰ অন্যতম অভিযুক্ত তথা প্ৰাক্তন উপ মহাপৰিদৰ্শক পি কে দত্তৰ জামিন আবেদন নাকচ কৰিছে গুৱাহাটী উচ্চ ন্যায়ালয়ে। স্বাস্থ্যৰ দোহাই দি আদালত জামিনৰ বাবে আবেদন জনাইছিল অভিযুক্ত পি কে দত্তই।

ইফালে আদালতত জামিন আবেদনৰ বিৰুদ্ধে চৰকাৰী পক্ষৰ হৈ যুক্তি প্ৰদৰ্শন কৰে অধিবক্তা ধনেশ দাসে। উচ্চ ন্যায়ালয়ে অভিযুক্ত পি কে দত্তৰ জামিন আবেদন খাৰিজ কৰাৰ পিছতে দত্তৰ মুকলি আকাশৰ তললৈ অহাৰ সপোন ৰুদ্ধ হৈ পৰে।