SI কেলেংকাৰী: ৩৬ অভিযুক্তৰ বিৰুদ্ধে চাৰ্জশ্বিট দাখিল CIDৰ

63

ডিজিটেল ডেস্ক: ৰাজ্যজুৰি আলোড়নৰ সৃষ্টি কৰিছিল অসম আৰক্ষীৰ উপ পৰিদৰ্শক পদৰ লিখিত পৰীক্ষাৰ নামত হোৱা কেলেংকাৰীয়ে। মুখ্যমন্ত্ৰীৰ নিৰ্দেশমৰ্মে অসম আৰক্ষীৰ অপৰাধ অনুসন্ধান শাখাই জোৰদাৰ অভিযান চলাই এই কেলেংকাৰীৰে জড়িত বহু কেইজনক গ্ৰেপ্তাৰ হৈছিল। এই কেলেংকাৰীৰ এপষেক সম্পূৰ্ণ হোৱাৰ পূৰ্বেই এতিয়া অভিযুক্তৰ বিৰুদ্ধে চার্জশ্বিট দাখিল কৰিছে চিআইডিয়ে।

চিআইডিয়ে দাখিল কৰা ১৬০০ পৃষ্ঠাৰ চাৰ্জশ্বিটত ৩৬জন অভিযুক্তৰ নাম উল্লেখ আছে। চাৰ্জশ্বিটত আছে ৩৫ গৰাকী সাক্ষীৰ চিআৰপিচিৰ ১৬৪ জবানবন্দী আৰু ৫ জন অভিযুক্তৰ চিআৰপিচিৰ ১৬৪ জবানবন্দী৷ আনহাতে ফৰেনছিক পৰীক্ষাৰ প্ৰতিবেদনো সংলগ্ন আছে চাৰ্জশ্বিটত। চাৰ্জশ্বিটৰ লগত ৪০০০ পৃষ্ঠাৰ নথি সংলগ্ন কৰি দিয়া হৈছে।