কেন্দ্ৰীয় পেট্ৰ’লিয়াম, প্ৰাকৃতিক গেছ তথা শ্ৰম আৰু নিয়োগ মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী আৰু ২০১৪ চনৰে পৰা ডিব্ৰুগড় লোকসভা সমষ্টিক প্ৰতিনিধিত্ব কৰা সাংসদ ৰামেশ্বৰ তেলীয়ে কয় যে, উত্তৰ-পূবৰ ৰাজ্যসমূহে এক জীৱন্ত শক্তি খণ্ডৰ হাব হিচাপে আত্মপ্ৰকাশ কৰাৰ পূৰ্ণ সম্ভাৱনা আছে। তেওঁ উত্তৰ-পূবৰ পেট্ৰ’লিয়াম আৰু প্ৰাকৃতিক গেছ খণ্ডত পৰিৱৰ্তনশীল ৰূপান্তৰৰ বাবে নিজৰ প্ৰতিশ্ৰুতিৰ কথাও উল্লেখ কৰে। মন্ত্ৰী ৰামেশ্বৰ তেলীয়ে বাৰ্মাৰত উল্লেখযোগ্য আৰ্থ-সামাজিক বিকাশ নিজে প্ৰত্যক্ষ কৰিছে, য’ত অঞ্চলটোত তেল উৎপাদন আৰম্ভ হোৱাৰ লগে লগে জনমূৰি উপাৰ্জন আকৰ্ষণীয়ভাৱে ৬৫০ শতাংশ বৃদ্ধি পাইছে।
দেশৰ শক্তিক্ষেত্ৰত আত্মনিৰ্ভৰশীলতাৰ বাবে অসম আৰু উত্তৰ-পূৰ্বাঞ্চল অতি গুৰুত্বপূৰ্ণ। উঃ-পূবত ১০০তকৈও অধিক তৈলক্ষেত্ৰ আৰু ২০০ মিলিয়ন মেট্ৰিক টন খাৰুৱা তেলৰ ভাণ্ডাৰৰ লগতে অঞ্চলটোত দেশৰ হাইড্ৰ’কাৰ্বন সম্পদৰ ১৮ শতাংশ থকাৰ প্ৰমাণ পোৱা গৈছে আৰু এতিয়াও অঞ্চলটোৰ এক বৃহৎ এলেকাৰ জৰীপ কৰা হোৱা নাই। কেয়াৰ্ণৰ দৰে ব্যক্তিগত প্ৰতিষ্ঠানসমূহে যোৱা বছৰ অসমত পৰীক্ষামূলক উৎপাদনৰ কথা ঘোষণা কৰিছে আৰু আগন্তুক দুবছৰৰ ভিতৰত গোলাঘাট, যোৰহাট আৰু তিনিচুকীয়া জিলাত অন্বেষণৰ বাবে ড্ৰিল এক্সপ্লৰেচনৰ পৰিকল্পনা কৰিছে।
এই বিষয়ে মন্ত্ৰী তেলীয়ে কয় যে, উত্তৰ-পূৰ্বাঞ্চলত মজুত থকা প্ৰচুৰ প্ৰাকৃতিক গেছ আৰু পেট্ৰলিয়ামৰ ভাণ্ডাৰসমূহ অন্বেষণৰ বাবে ‘বাৰ্মাৰ মডেল’ৰ প্ৰতিলিপি বা অনুসৰণ কৰিব পৰা যাব।” তেওঁৰ এই অভিমত উঃ-পূৰ্বাঞ্চলৰ বাবে চৰকাৰৰ দৃষ্টিভংগীৰ সৈতে মিল আছে, যিয়ে তেল আৰু গেছ উৎপাদন ত্বৰান্বিত কৰাৰ বাবে আগন্তুক ১৫ বছৰৰ বাবে ৰোডমেপ তৈয়াৰ কৰাৰ লক্ষ্য লৈছে। অ’এনজিচি, অইল ইণ্ডিয়া আৰু কেয়াৰ্ন অইল এণ্ড গেছৰ দৰে অইল এণ্ড গেছ কোম্পানীয়ে যোৰহাট, ডিগবৈ আৰু হাজাৰিগাঁৱৰ তৈলক্ষেত্ৰত উৎপাদন কৰি উত্তৰ-পূবত নিজৰ উপস্থিতি মজবুত কৰিছে।