কেন্দ্ৰীয় জল শক্তি, ইলেক্ট্ৰনিক্স, তথ্য প্ৰযুক্তি, দক্ষতা বিকাশ আৰু উদ্যমিতা বিভাগৰ ৰাজ্যিক মন্ত্ৰী ৰাজীৱ চন্দ্ৰশেখৰে ভাৰতৰ যুৱক-যুৱতীসকলক সবলীকৰণৰ দিশত এক উল্লেখযোগ্য মাইলৰ খুঁটি স্থাপন কৰিছে। আজি অনুষ্ঠিত বিশেষ সংকল্প কাৰ্যসূচীৰ অধীনত এটা অগ্ৰণী প্ৰকল্পৰ উদ্বোধনী দলৰ ১১ গৰাকী যুৱক-যুৱতীক সম্বৰ্ধনা জনোৱা হয়। লজিষ্টিক ছেক্টৰ স্কিল কাউঞ্চিল(এলএছচি)ৰ নেতৃত্বত পশ্চিম বংগৰ পশ্চিম মেদিনীপুৰ জিলাত ৰূপায়ণ কৰা এই পদক্ষেপৰ লক্ষ্য হৈছে লজিষ্টিক খণ্ডক দক্ষ-প্ৰতিভাৱান জনশক্তিৰে সুদৃঢ় কৰা। এই প্ৰকল্পটোৱে এবছৰৰ ভিতৰত ৯৬০জন প্ৰাৰ্থীক প্ৰশিক্ষণ দিয়াৰ এক অভিলাষী লক্ষ্য নিৰ্ধাৰণ কৰিছে, ইয়াৰ অধীনত ৱেৰহাউছ মেনেজাৰ, ৱেৰহাউছ ছুপাৰভাইজাৰ আৰু ৱেৰহাউছ এছ’চিয়েটৰ দৰে ভূমিকাত প্ৰয়োজনীয় দক্ষতাৰে সজ্জিত কৰি তোলা হৈছে। এই প্ৰমাণ-পত্ৰসমূহে অঞ্চলটোৰ ভিতৰত এইসকল লোকৰ নিয়োগযোগ্যতা বৃদ্ধি কৰাই নহয়, দেশজুৰি সুযোগ-সম্ভাৱনাৰ দুৱাৰ মুকলি কৰিব।
বিশাল মানৱ সম্পদ ভাণ্ডাৰৰ বাবে পৰিচিত পশ্চিম বংগক এনে পদক্ষেপৰ কেন্দ্ৰবিন্দু হিচাপে আত্মপ্ৰকাশ কৰিব বিচৰা হৈছে। ইয়াৰ বিপুল জনসংখ্যা আৰু দক্ষ শ্ৰমিকৰ সম্ভাৱনাৰ বাবে ৰাজ্যখনে ভাৰতৰ কৰ্মশক্তিত যথেষ্ট অৰিহণা যোগাবলৈ সাজু হৈছে। ভাষণত মন্ত্ৰী ৰাজীৱ চন্দ্ৰশেখৰে আজি ভাৰতৰ যুৱ প্ৰজন্মৰ বাবে উপলব্ধ অতুলনীয় সুযোগৰ ওপৰত গুৰুত্ব আৰোপ কৰি শিক্ষাৰ্থীসকলৰ সাফল্যৰ বাবে প্ৰশংসা কৰে। তেওঁ চৰকাৰ, উদ্যোগ আৰু জনপ্ৰতিনিধিসকলৰ মাজত “আজি কা ভাৰত” আৰু “নয়া ভাৰত” গঢ়াৰ ক্ষেত্ৰত সহযোগিতামূলক প্ৰচেষ্টাৰ পৰিৱৰ্তনশীল প্ৰভাৱৰ ওপৰত গুৰুত্ব আৰোপ কৰে।
দক্ষতা বিকাশ আৰু উদ্যমিতা মন্ত্ৰালয়ে প্ৰশিক্ষণৰ পিছত উদ্যোগ অংশীদাৰিত্বৰ ওপৰত গুৰুত্ব দিয়াৰ লক্ষ্য লৈছে, যাতে প্ৰাৰ্থীসকলৰ ফলাফল বৃদ্ধিৰে প্লেচমেণ্টৰ হাৰ ৭০% – ৭৫% কৰি তুলিব পৰা যায়।