শ্ৰী জয়ন্ত চৌধুৰীয়ে সমগ্ৰ ভাৰতৰ পৰা অহা ১০০ গৰাকী বিশিষ্ট উদ্যোগীক সাফল্য উদযাপন কৰে

35

৭৬ সংখ্যক গণৰাজ্য দিৱস উপলক্ষে দক্ষতা বিকাশ তথা উদ্যমিতা বিভাগৰ স্বতন্ত্ৰ ৰাজ্যিক মন্ত্ৰী জয়ন্ত চৌধুৰীয়ে কৌশল ভৱনত ১০০ গৰাকী বিশিষ্ট উদ্যোগীক সম্বৰ্ধনা জ্ঞাপন কৰে। ভাৰতৰ সমৃদ্ধিশালী দক্ষতা পৰিৱেশ তন্ত্ৰক প্ৰতিনিধিত্ব কৰা এই ব্যক্তিসকলক গণৰাজ্য দিৱসৰ পেৰেডলৈও বিশেষ অতিথি হিচাপে আমন্ত্ৰণ জনোৱা হৈছিল, যিয়ে দক্ষতা ভাৰত অভিযানৰ অধীনত উদ্ভাৱন আৰু বৃদ্ধিৰ ক্ষেত্ৰত এইসকল উদ্যোদীৰ ভূমিকাক প্ৰতিনিধিত্ব কৰিছিল। দাভোছত অনুষ্ঠিত ৱৰ্ল্ড ইক’নমিক ফ’ৰাম ২০২৫ সন্মিলনৰ পৰা উভতি আহি মন্ত্ৰী চৌধুৰীয়ে দক্ষ প্ৰতিভাৰ বিশ্বব্যাপী কেন্দ্ৰ হিচাপে ভাৰতৰ বৰ্ধিত খ্যাতিৰ ওপৰত আলোকপাত কৰে।

মন্ত্ৰী জয়ন্ত চৌধুৰীয়ে কয় যে, “ভাৰতৰ কৰ্মশক্তিয়ে বিশ্বব্যাপী স্বীকৃতি লাভ কৰিছে, যি বিশ্বব্যাপী দক্ষতাৰ মূলধন হিচাপে আত্মপ্ৰকাশ কৰাৰ আমাৰ সম্ভাৱনা প্ৰদৰ্শন কৰিছে।” দাভোছত অনষ্ঠিত আলোচনাসমূহ বহনক্ষমতা, কৃত্ৰিম বুদ্ধিমত্তা আৰু মহিলাৰ নেতৃত্বত বিকাশৰ ওপৰত কেন্দ্ৰীভূত আছিল। উত্তৰ-পূবৰ ১৬গৰাকী উদ্যোগীকে ধৰি সমগ্ৰ ভাৰতৰ ১০০ উদ্যোগীক উদ্যোগীসকলৰ বহনক্ষমতা আৰু উদ্ভাৱনীমূলক পদক্ষেপৰ বাবে ভূয়সী প্ৰশংসা কৰে মন্ত্ৰীজনে। নিৰ্বাচিতসকলৰ ভিতৰত অন্যতম আছিল ধুবুৰীৰ নমিতা এম মৰাক আৰু ওদালগুৰিৰ মন্দিৰা বাগলাৰী, যি দুগৰাকী মহিলাই দক্ষতা বিকাশৰ জৰিয়তে গ্ৰাম্য জীৱনক ৰূপান্তৰিত কৰিবলৈ সক্ষম হৈছে।

অসমেও ক্ৰমান্বয়ে বিকাশৰ এই যাত্ৰাত সমানে আগুৱাইছে, স্থানীয় উদ্যোগীসকলে অসমৰ জীৱন্ত অৰ্থনীতিত অৰিহণা যোগাই বহনক্ষম উদ্যোগৰ সম্প্ৰসাৰণৰ বাবে স্কিল ইণ্ডিয়া মিছনৰ দৰে চৰকাৰী পদক্ষেপবোৰ ক্ৰমান্বয়ে ব্যৱহাৰ কৰিছে। এমএছডিইৰ শীৰ্ষ বিষয়াসকলে অংশগ্ৰহণ কৰা এই অনুষ্ঠানত ভাৰতৰ সাংবিধানিক মূল্যবোধ আৰু উদ্যোগী মনোভাৱক উদযাপন কৰা হয়।