ভাৰতীয় ব্যৱসায়িক কাৰ্যবাহী আৰু প্ৰশাসক আশিস কুমাৰ চৌহান ভাৰতীয় নেচনেল ষ্টেক এক্সচেঞ্জ(এনএছই)ৰ পৰিচালনা সঞ্চালক আৰু মুখ্য কাৰ্যবাহী বিষয়া। এনএছই হৈছে ভাৰতৰ আগশাৰীৰ ষ্টক এক্সচেঞ্জ আৰু বিশ্বৰ সৰ্ববৃহৎ ডেৰিভেটিভ এক্সচেঞ্জ। এনএছইৰ এমডি তথা মুখ্য কাৰ্যবাহী বিষয়া আশিস কুমাৰ চৌহানে অন্তৱৰ্তীকালীন বাজেট ২০২৪ক ১০/১০ ৰেটিং প্ৰদান কৰিছে। বাজেটত বিকাশ, জনকল্যাণ আৰু বিত্তীয় সংযমৰ বা ব্যয় হ্ৰাসৰ ওপৰত গুৰুত্ব দিয়া হৈছে, আনহাতে একে সময়তে চৰকাৰী নীতি আৰু কৰসমূহৰ ধাৰাবাহিকতা নিশ্চিত কৰা হৈছে।
ই আন্তঃগাঁথনি আৰু নিয়োগ সৃষ্টিৰ ওপৰত সৰ্বাধিক খৰচ কৰি ক্ষমতা নিৰ্মাণৰ ওপৰত গুৰুত্ব দিয়া হৈছে। বাজেটত দৰিদ্ৰ, কৃষক, মহিলা আৰু যুৱক-যুৱতীসকলৰ বাবে পৰ্যাপ্ত পৰিমাণে গুৰুত্ব প্ৰদান কৰা হৈছে, যি সামগ্ৰিক অৰ্থনৈতিক বিকাশৰ বাবে শুভ লক্ষণ। ২৩-২৪ বিত্তীয় বৰ্ষৰ সংশোধিত বিত্তীয় ঘাটি ৫.৮%, যিটো বাজেট আকলনৰ তুলনাত ১০ বিপিএছ অধিক।
বিত্তীয় একত্ৰিকৰণ হৈছে প্ৰধান লক্ষ্য যাতে বিত্তীয় বৰ্ষ ২৪-২৫ত বিত্তীয় ঘাটি ৫.১% লৈ হ্ৰাস কৰিব পৰা যায়, যিয়ে আশা কৰা ধৰণে উন্নত কৰিব আৰু ২৫-২৬ বিত্তীয় বৰ্ষৰ ভিতৰত ৪.৫%ৰ তলৰ লক্ষ্যৰ প্ৰতিশ্ৰুতি পূৰণত সহায়ক হ’ব। এই বিষয়ে আশিস কুমাৰ চৌহানে কয় যে, “কেপেক্স ব্যয় ১৬.৯% বৃদ্ধি হৈ ১১.১১ লাখ কোটি টকাৰে অভিলেখ শিখৰত উপনীত হৈছে, যাৰ অৰ্থ হৈছে জিডিপিৰ ৩.৪%— এই পৰিমাণ ২৬ বছৰৰ ভিতৰত সৰ্বাধিক, এই সময়ছোৱাত পথ, পৰিবহণ আৰু ৰে’লৱেৰ ওপৰত সৰ্বাধিক গুৰুত্ব দিয়া হৈছে। ইয়ে এইটোৱে সূচায় যে যোৱা ৫ বছৰৰ সময়ছোৱাত ২৭% চি.এ.জি.আৰ। সময়ৰ লগে লগে খৰচৰ মানদণ্ডও উন্নত হৈছে, এতিয়া মুঠ ব্যয়ৰ ২৩.৩% হৈছে মূলধনী ব্যয়— যি ৩০ বছৰৰ ভিতৰত সৰ্বাধিক। দৰিদ্ৰ আৰু আৰ্তজনৰ বাবে বৰ্তমান শক্তি, স্বাস্থ্য, গৃহ নিৰ্মাণ, ৰন্ধন গেছ আৰু বিত্তীয় অন্তৰ্ভুক্তিৰ ওপৰত সামৰি লোৱা এক সামাজিক সুৰক্ষাৰ পৰিকাঠামো প্ৰস্তুত কৰা হৈছে। বিকাশ বিচক্ষণতা আৰু স্বচ্ছতাৰ ওপৰত অবিৰত গুৰুত্ব আৰোপ কৰা এই বাজেটখন সামগ্ৰিকভাৱে বজাৰসমূহৰ বাবে এখন ইতিবাচক বাজেট।”