ইতিহাস সৃষ্টি কৰি প্ৰথমবাৰৰ বাবে ৰঞ্জী ট্ৰফী দখল কৰা জম্মু-কাশ্মীৰ ক্ৰিকেট দলটোক মঙলবাৰে নিশা এক আড়ম্বৰপূৰ্ণ অনুষ্ঠানেৰে সম্বৰ্ধনা জনালে জম্মু-কাশ্মীৰ ক্ৰিকেট সন্থাই। জিজিএম চায়েন্স কলেজ হোষ্টেল খেলপথাৰত আয়োজিত এই বিশেষ অনুষ্ঠানত বিচিচিআইৰ অধ্যক্ষ মিথুন মানহাছে উপস্থিত থাকি ঐতিহাসিক বিজয়ৰ বাবে দলটোক ৫ কোটি টকাৰ এক চেক প্ৰদান কৰে। একেদৰে জম্মু-কাশ্মীৰ ক্ৰিকেট সন্থায়ো খেলুৱৈসকলৰ উন্নত প্ৰদৰ্শনৰ বাবে ৩ কোটি টকাৰ পুৰস্কাৰ ঘোষণা কৰিছে।
বিগত ২৮ ফেব্ৰুৱাৰীত হুব্বালীত অনুষ্ঠিত ফাইনেলত আঠবাৰৰ চেম্পিয়ন কৰ্ণাটকক প্ৰথম ইনিংছৰ অগ্ৰগতিৰ ভিত্তিত পৰাস্ত কৰি জম্মু-কাশ্মীৰে এই গৌৰৱ অৰ্জন কৰিছিল। এই ঐতিহাসিক সাফল্যক উদযাপন কৰিবলৈ আয়োজিত অনুষ্ঠানত বিজয়ী দলটোৰ লগতে বিজয় মাৰ্চেণ্ট ট্ৰফী জয়ী অনুৰ্ধ-১৬ দল আৰু মহিলা দলটোৰ খেলুৱৈসকলকো আমন্ত্ৰণ জনোৱা হয়। খেলুৱৈসকলৰ লগতে তেওঁলোকৰ পৰিয়াল আৰু প্ৰশিক্ষকসকলকো এই অনুষ্ঠানত জে কে চি এ-ই বিশেষভাৱে সন্মানিত কৰে।
দলটোৰ প্ৰতিভাসম্পন্ন খেলুৱৈসকলক উৎসাহিত কৰি বিচিচিআইৰ অধ্যক্ষ মিথুন মানহাছে কয়, “খেলুৱৈসকলৰ এই পৰিশ্ৰমৰ বাবেই আজি জম্মু-কাশ্মীৰে এই স্থানত উপনীত হ’ব পাৰিছে। বিচিচিআইৰ অধ্যক্ষ হিচাপে মই দলটোৰ সৰ্বাংগীণ উন্নতিৰ বাবে সকলো ধৰণৰ সহযোগিতা আগবঢ়াম।” অনুষ্ঠানত জনপ্ৰিয় কণ্ঠশিল্পী সোণালী ডগৰাৰ গীতৰ তালে তালে খেলুৱৈসকলে নৃত্য কৰি নিজৰ বিজয় উদযাপন কৰা পৰিলক্ষিত হয়।
উল্লেখ্য যে সোমবাৰে নিশা মুখ্যমন্ত্ৰী ওমৰ আব্দুল্লায়ো নিজা বাসগৃহত দলটোক নৈশ আহাৰেৰে আপ্যায়িত কৰিছিল। মুখ্যমন্ত্ৰীগৰাকীয়ে কেবিনেট সতীৰ্থসকলৰ উপস্থিতিত খেলুৱৈসকলক উষ্ম আদৰণি জনোৱাৰ লগতে ২ কোটি টকাৰ আৰ্থিক বঁটা প্ৰদান কৰে। মাত্ৰ দুটা দিনৰ ভিতৰতে চৰকাৰ আৰু ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডৰ পৰা লাভ কৰা এই বৃহৎ পুৰস্কাৰে জম্মু-কাশ্মীৰৰ ক্ৰিকেট জগতত এক নতুন উৎসাহৰ সঞ্চাৰ কৰিছে।
