ফ্লিপকাৰ্টৰ শ্বপচিয়ে ‘বিগ দেৱালী চেল’ আগবঢ়াই আকৌ এবাৰ আনন্দিত কৰিছে গ্ৰাহকসকলক

8

দেশৰ জনসাধাৰণৰ উৎসৱমুখৰ মনোভাৱৰ ওপৰত নিৰ্ভৰ কৰি দ্ৰুতগতিত বৃদ্ধি পোৱা হাইপাৰ-ভেল্যু ই-কমাৰ্চ প্লেটফৰ্ম শ্বপচি বাই ফ্লিপকাৰ্টে চলিত মাহৰ ২৯ তাৰিখলৈকে অব্যাহত থাকিব লগা ‘বিগ দীপাৱলী চেল’ আগবঢ়াই গ্ৰাহকক পুনৰবাৰ আনন্দিত কৰিছে। ফ্লিপকাৰ্টৰ গ্ৰেণ্ড শ্বপচি মেলা, দ্য বিগ বিলিয়ন ডে’জ চেল আৰু ‘দেৱালী স্বাগত চেল’ৰ সফলতাৰ পিছত এই চলিত ফেষ্টিভ বিক্ৰীয়ে বিশেষভাৱে সজাই তোলা লেনদেনৰ জৰিয়তে ব্যতিক্ৰমী বাছনিৰ প্ৰতিশ্ৰুতি দিছে। ২ মিলিয়নৰো অধিক উৎসৱৰ প্ৰয়োজনীয়তাৰ সৈতে ক্ৰেতাসকলে একচেটিয়া লেনদেনসমূহ অন্বেষণ কৰিব পাৰে, যি ভাৰতৰ জীৱন্ত আৰু বিভিন্ন পৰম্পৰাসমূহ প্ৰতিফলিত কৰে।

শ্বপচি প্লেটফৰ্মত গ্ৰাহকৰ সংখ্যা প্ৰায় ৮১% বৃদ্ধি পাইছে, পূৰ্বৰ লেনদেনতকৈ ২.৮গুণ বৃদ্ধি হৈছে আৰু ফেষ্টিভ ছিজনৰ আৰম্ভণিৰ পৰা ২,৮০০+ সৰু চহৰসমূহৰ গ্ৰাহকৰ শক্তিশালী অংশগ্ৰহণ দেখা গৈছে।  নিজৰ বিক্ৰী বজাৰত বহুতো ভাৰতৰ অনন্য উৎসৱৰ প্ৰয়োজনীয়তা পূৰণ কৰিবলৈ সামগ্ৰীৰ এক বিস্তৃত পৰ্টফলিঅ’ আগবঢ়ায়। 

শ্বপচিৰ ব্যৱসায়িক মুৰব্বী প্ৰত্যুষা আগৰৱালে এই বিষয়ে উচাহেৰে কয় যে, “ৰাখীৰ পৰা দীপাৱলীলৈকে ভাৰতৰ চহকী ফেষ্টিভ কেলেণ্ডাৰে বজাৰ কৰাৰ ট্ৰেণ্ড গঢ় দিয়াত মুখ্য ভূমিকা পালন কৰে। শেহতীয়াকৈ ৰেডছিৰ ষ্ট্ৰেটেজী কনচালটেণ্টৰ এক প্ৰতিবেদন অনুসৰি ভাৰতৰ ই-কমাৰ্চ খণ্ডই ফেষ্টভ ছিজনত বছৰৰ পিছত বছৰ ধৰি ২০% উত্থানৰ তথ্য প্ৰকাশিত হৈছে, বিশেষকৈ ‘বৃহৎ তিনিটা’ শিতান: মোবাইল, ইলেক্ট্ৰনিকছ আৰু ফেশ্বন জগতে বিশেষ মাত্ৰা লাভ কৰিছে।”শ্বপচিয়ে ভাৰতৰ উপভোক্তাসকলৰ বিভিন্ন প্ৰয়োজনীয়তাসমূহ কাৰ্যকৰীভাৱে পূৰণ কৰিছে, এই দিশটোৱে ই-কমাৰ্চক গণতান্ত্ৰিক কৰাৰ বাবে নিজৰ দৃষ্টিভংগীৰ উদাহৰণ দাঙি ধৰিছে। গ্ৰাহকৰ বাবে অফাৰসমূহ অনুকূলিত কৰি শ্বপচিয়ে ভাৰতীয় গ্ৰাহকৰ মন জয় কৰিবলৈ সক্ষম হৈছে আৰু প্ৰকৃতাৰ্থত এক সামগ্ৰিক ডিজিটেল বজাৰ গঢ়ি তুলিছে।