উত্তৰ পুৰ্বাঞ্চলৰ অগ্ৰণী জৈৱ বৈচিত্ৰ সংৰক্ষণকাৰী সংস্থা আৰণ্যকৰ শগুন সংৰক্ষণ উদ্যমৰ উদ্যোগত অসমৰ বিভিন্ন ঠাইত এলানি শগুন সংৰক্ষণ সম্পৰ্কীয় সজাগতা বিগত বৰ্ষৰ পৰা চলি আহিছে। “শগুন মিত্ৰ” নামেৰে অনুষ্ঠিত কৰা সজাগতা অনুষ্ঠানবিলাকত ছাত্ৰ ছাত্ৰী, কৃষক,গাওঁ বুঢ়া, প্ৰশাসনিক বিষয়া, কৃষি বিষয়া আদিক শগুন সংৰক্ষণৰ লগত জড়িত কৰাৰ লক্ষ্য কৰি লোৱা দেখা পোৱা গৈছে। সাম্প্ৰতিকভাৱে তাৰে এক অনুষ্ঠান অনুষ্ঠিত হয় শিৱসাগৰৰ খনামুখ উচ্চতৰ মাধ্যমিক বিদ্যালয় প্ৰেক্ষাগৃহত।
দৃশ্য-শ্ৰাব্য মাধ্যমেৰে অনুষ্ঠিত অনুষ্ঠানৰ আৰম্ভণি কৰে খনামুখ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ, সুবক্তা আনন্দ কুমাৰ বড়াৱে। বিদ্যালয়ৰ শিক্ষয়িত্ৰী ভাগ্যলক্ষ্মী শইকীয়াই আঁত ধৰা আৰণ্যকৰ শগুন সম্পৰ্কীয় এক শপত গ্ৰহণেৰে আৰম্ভ কৰা অনুষ্ঠানত শগুন সম্পৰ্কীয় বিস্তৃত বাখ্যা দৃশ্য-শ্ৰাব্য মাধ্যমেৰে আগবঢ়ায় পৰিৱেশ কৰ্মী, আৰণ্যকৰ হীৰেন দত্তই।ভাষণত তেওঁ আৰণ্যকে শগুন সংৰক্ষণৰ ক্ষেত্ৰত কৰি থকা কাৰ্যসূচী অৱগত কৰাৰ লগতে আমি সজাগ নহ’লে এই ধুনীয়া তথা উপকাৰী চৰাইবিধ আমি কম দিনৰ ভিতৰতে এই ধৰাতলৰ পৰা বিদায় মাগিব বুলিও আশংকা প্ৰকাশ কৰে।
তেখেতে শগুনৰ বাসস্থানৰ উপযোগী বৃক্ষৰোপণ, বৃক্ষ সংৰক্ষণৰ লগতে শগুনৰ অপকাৰ হোৱা কামৰ বিৰত থাকিবলৈ অনুৰোধ জনায়। অনুষ্ঠানত উপস্থিত থকা আন এগৰাকী পৰিৱেশ কৰ্মী হেমন্ত টায়ে শগুনে আমাৰ কৰি অহা উপকাৰ আৰু সিহঁতৰ বাসস্থান সংৰক্ষণৰ ওচৰত গুৰুত্ব দিবলৈ সকলোকে আহ্বান জনায়।
