ঔদ্যোগিক ইক’চিষ্টেম গঢ়ি তোলাৰ লক্ষ্যৰে শ্বিলঙৰ আই.আই.এম-ৰে বুজাবুজি চুক্তি স্বাক্ষৰ গুৱাহাটীৰ আই.আই.ই-ৰ

799

উত্তৰ-পূৰ্বাঞ্চলত ঔদ্যোগীক বিকাশ গঢ়ি তোলাৰ বাবে গুৱাহাটীৰ ভাৰতীয় উদ্যমিতা প্ৰতিষ্ঠান (IIE)-এ শ্বিলঙৰ ইণ্ডিয়ান ইনষ্টিটিউট অব মেনেজমেণ্ট (IIMS)-ৰ সৈতে এক বুজাবুজিৰ চুক্তি স্বাক্ষৰ কৰে। এই অংশীদাৰিত্বৰ উদ্দেশ্য হৈছে উত্তৰ-পূৰ্বাঞ্চলত উদ্যোগ, উদ্দীপনা আৰু ষ্টাৰ্টআপক উৎসাহিত কৰা। এমএছডিই (MSDE)ৰ সচিব শ্ৰী ৰাজেশ আগৰৱাল আৰু এমএছডিইৰ যুটীয়া সচিব শ্ৰী অনুৰাধা ভেমুৰী, এমএছডিইৰ সঞ্চালক শ্ৰী সন্দেশ টিলেকাৰ, আইআইই গুৱাহাটীৰ সঞ্চালক ড০ ললিত শৰ্মা আৰু আইআইএম শ্বিলঙৰ সঞ্চালক ড০ ডি পি গোৱেলে আন বহুতো বিশিষ্ট ব্যক্তিৰ উপস্থিতিত এই বুজাবুজি চুক্তিত স্বাক্ষৰ কৰে। এই বুজাবুজি চুক্তিখনৰ বৈধতা পাঁচ বছৰৰ বাবে হ’ব।

এই সহযোগিতাই  উত্তৰ-পূৰ্বাঞ্চলত এক ষ্টাৰ্ট-আপ পৰিৱেশ গঢ়ি তুলিব, যি এক উদ্যোগী-সক্ষম ইক’চিষ্টেমৰ সকলো গুৰুত্বপূৰ্ণ উপাদানক অধিক শক্তিশালী কৰিব, যাৰ ফলত বিনিয়োগকাৰীসকল ইয়াত বিনিয়োগৰ প্ৰতি আকৰ্ষিত হ’ব বুলি আশা কৰা হৈছে। দুয়োটা প্ৰতিষ্ঠানে দক্ষতা বিকাশৰ ক্ষেত্ৰত এজনে আনজনৰ শক্তিৰ পৰা লাভান্বিত হ’ব। প্ৰতিষ্ঠান দুটাই একেলগে উদ্যোগ বিকাশৰ ওপৰত চাৰ্টিফিকেট কোর্চ প্ৰৱৰ্তন কৰিব আৰু লগতে ইনকিউবেচন আৰু এণ্টাৰপ্ৰাইজ চাপোৰ্ট চেণ্টাৰ, আইআইএম শ্বিলঙৰ অধীনত ষ্টাৰ্টআপ আৰু ইনকিউবেটৰ প্ৰশিক্ষণ দিব। তেওঁলোকে অঞ্চলটোত শৈক্ষিক বক্তৃতা, কৰ্মশালা, প্ৰদৰ্শনী আৰু অন্যান্য জ্ঞান প্ৰচাৰ কাৰ্যসূচীৰ প্ৰচাৰ কৰিব।

দুয়োখন প্ৰতিষ্ঠানে পৰীক্ষাগাৰ, পুথিভঁৰাল, ইনকিউবেচন কেন্দ্ৰ আদিৰ দৰে আন্তঃগাঁথনিৰ সুবিধা শ্বেয়াৰ কৰিব। আই.আই.ই.-য়ে ইয়াৰ আৰম্ভণিৰ পৰা ২৩১৬ টা উদ্যোগী কাৰ্যসূচী সৃষ্টি কৰিছে আৰু এই কাৰ্যসূচীবোৰৰ জৰিয়তে ৮০,০৫৩ জন প্ৰাৰ্থীক প্ৰশিক্ষণ দিয়া হৈছে। প্ৰতিষ্ঠানটোৱে মুঠ ৩০,৮৭৪ জন হিতাধিকাৰীৰ সৈতে কেইবাটাও ক্লাষ্টাৰ উন্নয়ন প্ৰকল্পও আৰম্ভ কৰিছে। উদ্যোগী সন্মিলনৰ অংশ হিচাপে এন.ই.আৰ.ই.এছ.(NERES) 1.0 (North Eastern Regional Entrepreneurship & Startup), আই.আই.ই.-য়ে অতিৰিক্তভাৱে ২০০ জন প্ৰতিশ্ৰুতিশীল ষ্টাৰ্ট-আপ আৰু উচ্চাকাংক্ষী উদ্যোগীক সহায় কৰিছে।