খেলপথাৰত ফুটবল খেলি থকাৰ সময়তে হঠাৎ হৃদৰোগত আক্ৰান্ত হৈ চিকিৎসালয়ত মৃত্যুক সাৱটে শ্বিলঙৰ সাংসদ ড° ৰিকি ছিংকনে। বৃহস্পতিবাৰে মাওনত ফুটবল খেলি থকা অৱস্থাতে তেওঁ হঠাৎ ঢলি পৰে।
লগে লগে তেওঁক জৰুৰীকালীন চিকিৎসাৰ বাবে শ্বিলঙৰ গৰ্ডন ৰবাৰ্ট হাস্পতাললৈ লৈ যোৱা হয় যদিও চিকিৎসকে মৃত ঘোষণা কৰে।
চিকিৎসালয়ৰ সূত্ৰৰ পৰা জানিব পৰা মতে, খেলপথাৰত খেলি থকাৰ সময়তে তেওঁ কাৰ্ডিয়াক এৰেষ্টৰ সন্মুখীন হৈছিল। তাৎক্ষণিকভাৱে তেওঁক হাস্পতাললৈ নিয়া হয় যদিও ক্ষন্তেক সময় পাছতে মৃত্যু ঘটে সাংসদ ৰিকি ছিংকনৰ।
