ক্ৰিকেটৰ পৰা অৱসৰ ঘোষণা শিখৰ ধাৱানৰ

365

ভাৰতৰ অভিজ্ঞ অপেনাৰ শিখৰ ধাৱানে সকলো ধৰণৰ ক্ৰিকেটৰ পৰা অৱসৰ ঘোষণা কৰিছে। দুবছৰ পূৰ্বে দেশৰ হৈ অন্তিমখন খেল খেলা বাওঁহাতী ক্ৰিকেটাৰজনে কয় যে তিনিওটা ফৰ্মেটত দেশক প্ৰতিনিধিত্ব কৰাৰ পিছত তেওঁ এজন সন্তুষ্ট ব্যক্তি হিচাপে এই খেলক বিদায় জনাইছে। ৩৮ বছৰীয়া খেলুৱৈগৰাকীয়ে ২০১০ চনত বিশাখাপত্তনমত অনুষ্ঠিত এখন এদিনীয়া খেলত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে আন্তঃৰাষ্ট্ৰীয় কেৰিয়াৰ আৰম্ভ কৰিছিল। তেওঁ ২০২২ চনত বাংলাদেশৰ বিৰুদ্ধে দেশৰ হৈ তেওঁৰ অন্তিমখন খেল খেলিছিল। তেওঁ কয় – মই মোৰ ক্ৰিকেট যাত্ৰাৰ এই অধ্যায়টো সমাপ্ত কৰি আছোঁ, কিন্তু মোৰ সৈতে আছে অগণন স্মৃতি আৰু মই বহুত কৃতজ্ঞ। মৰম আৰু সমৰ্থনৰ বাবে আপোনালোকক ধন্যবাদ। জয় হিন্দ।

তেওঁ এই পোষ্টটোৰ মুকলি কৰা ভিডিঅ’টোত কয়-সকলোকে নমস্কাৰ, আজি মই এনে এক সন্ধিক্ষণত থিয় হৈ আছোঁ, য’ৰ পৰা পিছলৈ ঘূৰি চাওঁতে আৰু আগলৈ চাওঁতে কেৱল স্মৃতিহে দেখা যায়। মোৰ একমাত্ৰ গন্তব্য স্থান আছিল ভাৰতৰ হৈ খেলা আৰু সেইটো ঘটিছিল যাৰ বাবে মই বহুলোকৰ প্ৰতি কৃতজ্ঞ। উল্লেখ্য যে ধাৱানে ভাৰতৰ হৈ ৩৪ খন টেষ্ট, ১৬৭ খন এদিনীয়া আৰু ৬৮ খন টি-২০ খেলত অংশগ্ৰহণ কৰিছিল কিন্তু যোৱা কেইবছৰমানত দুৰ্বল ফৰ্ম আৰু যশস্বী জয়ছোৱাল আৰু শুভমান গিলৰ দৰে যুৱ অপেনাৰসকলৰ উত্থানৰ বাবে দলৰ পৰা বাদ পৰিব লগা হৈছিল। তেওঁ ৫০ অভাৰৰ ফৰ্মেটত তেওঁৰ সৰ্বশ্ৰেষ্ঠ প্ৰদৰ্শন কৰিছিল য’ত তেওঁ ৪৪.১১ গড়ে ৬,৭৯৩ ৰান সংগ্ৰহ কৰিছিল। তেওঁ টেষ্ট ক্ৰিকেটত ৪০.৬১ গড়ে আৰু সাতটা শতকৰ সহায়ত ২,৩১৫ ৰান সংগ্ৰহ কৰিছিল।

ধাৱান আই পি এল (ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ)ৰ অন্যতম ক্ৰিকেটাৰ আছিল। তেওঁ এই লীগত ২২২ খন খেলত ৬৭৬৯ ৰান সংগ্ৰহ কৰিছিল। ইয়াত দুটা শতক আৰু ৫১ টা অৰ্ধ-শতক অন্তৰ্ভুক্ত আছে। তেওঁ একেৰাহে দুখন খেলত শতক অৰ্জন কৰা প্ৰথম জন খেলুৱৈ। তেওঁ ২০১৬ চনৰ চিজনত খিতাপ জয় কৰা ছানৰাইজাৰ্ছ হায়দৰাবাদ দলৰ অংশ আছিল। তেওঁ দিল্লী, মুম্বাই আৰু পঞ্জাৱ ফ্ৰেঞ্চাইজিৰ হৈও খেলিছে। তেওঁ তেওঁৰ কেৰিয়াৰৰ বিভিন্ন পৰ্যায়ত দিল্লী আৰু পঞ্জাৱ ফ্ৰেঞ্চাইজিৰ অধিনায়কত্ব কৰিছে। তেওঁ যোৱা ছিজনত পাঞ্জাৱ কিংছ দলৰ অংশ আছিল কিন্তু ফিটনেছৰ সমস্যাৰ বাবে মাত্ৰ পাঁচখন মেচ খেলিবলৈ সক্ষম হৈছিল।