শঙ্কৰদেৱ কলাক্ষেত্ৰত স্মৃতিৰ ৰ’দ কাচঁলি আনুষ্ঠানেৰে

93

শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ সমাজৰ শ্ৰীশ্ৰী মাধৱদেৱ আন্তজাৰ্তিক প্ৰেক্ষাগৃহত অভিযন্তা তথা সাংস্কৃতিক- সামাজিক কৰ্মী প্ৰয়াত নৃপেন্দ্ৰ চন্দ্ৰ হাজৰিকাৰ চতুৰ্দশ মৃত্যু বাৰ্ষিকী উপলক্ষে ‘স্মৃতিৰ ৰ’দ কাঁচলি ’ শীৰ্ষকেৰে পাঠান হাজৰিকা দাতব্য ন্যাসে এটি মননশীল অনুষ্ঠান অনুষ্ঠিত কৰে৷ নৃত্যাচাৰ্য যতীন গোস্বামীদেৱৰ শুভাষীশেৰে অনুষ্ঠানৰ বন্তি প্ৰজ্বলন কৰে বিশিষ্ট নাট্যকাৰ মানিক আহমেদে, অভিয়ন্তা সুভাষ গোস্বামী, সাতসৰী আৰু সাদিন কাকতৰ সম্পাদক তথা বিশিষ্ট লেখিকা অনুৰাধা শৰ্মা পূজাৰী, বিশিষ্ট কণ্ঠশিল্পী মনীষা হাজৰিকা আৰু কলা নিৰ্দেশক নুৰদ্দিন আহমেদে৷ নাট্যকাৰ মানিক আহমেদে অনুষ্ঠানটি শুভ উদ্বোধন কৰি হাজৰিকা দেৱৰ সামাজিক সাংস্কৃতিক দিশৰ কথা সোঁৱৰি বক্তব্য আগবঢ়ায়৷ শিক্ষাবিদ, গীতিকাৰ লক্ষহীৰা দাসক অক্ষয় দাস দেৱে আঁত ধৰা প্ৰাৰ্থনাৰ লগতে শ্ৰোতা দৰ্শকে প্ৰাৰ্থনাৰে শ্ৰদ্ধাঞ্জলি জনায়৷ বিশিষ্ট কণ্ঠশিল্পী হীৰা দাসক বিশেষভাৱে সম্বৰ্ধনা জ্ঞাপন কৰে৷ সভাত উপস্থিত থকা ‘কলকাতা অসমীয়া সাংস্কৃতিক সন্থাৰ কাৰ্যবাহী সভাপতি হিতেন হাটখোৱা আৰু সাংস্কৃতিক সম্পাদিকা অৰিহনা ওজাকো সম্বৰ্ধনা জনোৱা হয়৷

বিদুষী কণ্ঠশিল্পী মন্দিৰা লাহিড়ীৰ উপস্থিতিত তেঁওৰ কণ্ঠত, পাঠান হাজৰিকা দাতব্য ন্যাসৰ অধ্যক্ষ তথা গীতিকাৰ মঞ্জুলা হাজৰিকাৰ কথা আৰু সুৰকাৰ বিপুল বৰুৱাৰ সুৰৰ ঝুলন কৃষ্ণ মহন্তৰ পৰিচালনাত দৃশ্য-শ্ৰব্যৰ এটি গীত গীতিকাৰ, জ্যেষ্ঠ সাংবাদিক গৌতম শৰ্মাই উন্মোচন কৰে৷ সমাজৰ প্ৰতি আন্তৰিকতাৰে কাম কৰি থকা নাহৰকটীয়াৰ সময় গগৈক ‘নৃপেন্দ্ৰ চন্দ্ৰ হাজৰিকা সোঁৱৰণি বঁটা’ৰে সন্মানিত কৰা হয়৷ লগতে উদ্যোগী যুৱক তথা উদ্ভাৱক ভাতৃদ্বয় কাব্যনীল তালুকদাৰ আৰু ইন্দ্ৰনীল তালুকদাৰক ‘নৃপেন্দ্ৰ চন্দ্ৰ হাজৰিকা সোঁৱৰণি উদ্দীপনা বঁটা’ প্ৰদান কৰা হয়৷ ওডালগুৰি জিলাৰ বৰঙাজুলি সত্ৰৰ সত্ৰাধিকাৰ শ্ৰদ্ধেয়া নিৰঞ্জন বড়োয়ে  বিশিষ্ট অতিথিৰূপে উপস্থিত থাকি বঁটা প্ৰদান কৰে । প্ৰখ্যাত নৃত্যশিল্পী উপাসনা মহন্ত গগৈৰ নৃত্য পৰিৱেশন, বিশিষ্ট কণ্ঠশিল্পী তৰালি শৰ্মা, গিৰিণ কলিতা, গোবিন্দ কলিতা আৰু ৰূপেশ্বৰ চহৰীয়াৰ পৰিচালনাত বৰেণ্য শিল্পী প্ৰভাত শৰ্মাই গঢ়ি যোৱা দেৱগান্ধাৰে  অনুষ্ঠান পৰিৱেশন কৰে৷

আনহাতে ইন্দ্ৰজিৎ দাসে আঁত ধৰা অনুষ্ঠানত কণ্ঠশিল্পী নমিতা ভট্টাচাৰ্য, সদানন্দ গগৈ, অসীমজ্যোতি বৰুৱা, আলেক্ষ্য চক্ৰৱৰ্তী, সমৰ হাজৰিকা, মালবিকা বৰা, সন্ধ্যা মেনন, শান্তা উজীৰ, কনিকা ভট্টাচাৰ্য, সৌৰভ মহন্ত, ৰাজু আনচাৰি, পাপৰি ঠাকুৰীয়া, সত্যাসন্ধা হাজৰিকা, প্ৰাগ নিউজৰ স্বত্ত্বাধিকাৰী সঞ্জীৱ নাৰায়ণ, জ্যেষ্ঠ সাংবাদিক জিষ্ণু মেধি, স্নিগ্ধাশিখা বৰা, দেৱজিৎ ভূঞা, অৰুণিমা কলিতা, মনজিৎ ৰাজকোঁৱৰ, সদৌ অসম ছাত্ৰ সন্থাৰ উপদেষ্টা সমুজ্জ্বল ভট্টাচাৰ্য, সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি উৎপল শৰ্মা, বিপুল ৰাভা, নৃত্যশিল্পী অনিতা শৰ্মা, বেবী ভূঞা, বিশিষ্ট সমাজ কৰ্মী কল্পনা ৰাজকুমাৰ, সাংস্কৃতিক কৰ্মী – লেখক গোপাল জালান, কবিতা বৰা, অভিযন্তা প্ৰদীপ পূজাৰী, অভিনেত্ৰী জ্বলী লস্কৰ, মিনু বনিয়া, ইনু বৰুৱা, ৰূপক গগৈ, মইনুল হক, ডাঃ দ্বীপেশ ভাগৱতী,  ডাঃ আচিফ আহমেদ, অনন্ত হাজৰিকা, শোভা হাজৰিকা, স্বপ্নালী মহন্ত, অনুপম লস্কৰ, জোৱান দত্ত, মিন্তুুবৰুৱা, ৰাণী বৰুৱা, সন্দিপ হাজৰিকা, নেহা গাৰ্গ, ৰণদ্বিপ সিং উপস্থিত থকাৰ উপৰিও বিভিন্ন ক্ষেত্ৰৰ বহু দিশৰ বিশিষ্ট ব্যক্তি উপস্থিত আছিল ।