গেৰুৱা বস্ত্ৰ পিন্ধি ৰাজনীতিত প্ৰৱেশ কৰিব প্ৰাক্তন আছু নেতা শংকৰজ্যোতি বৰুৱাসহ ৭ জন আছু নেতাই । শনিবাৰে সন্ধিয়া দলেবলে বিজেপিত যোগদান কৰিব শংকৰজ্যোতিয়ে ৷ যোগদানৰ পূৰ্বে সংবাদ শিৰোনাম লাভ কৰিছে প্ৰাক্তন ছাত্ৰ নেতাজনে ৷
গুৱাহাটীৰ বাজপেয়ী ভৱনত শনিবাৰে ৬ বজাৰ পৰা আৰম্ভ হ’বলগীয়া এক অনুষ্ঠানত যোগদান কৰিব শংকৰজ্যোতি বৰুৱাই ৷ ৰাজ্যিক বিজেপিৰ আভ্যন্তৰীণ সূত্ৰই নিশ্চিত কৰিছে এই তথ্য ।
